NORTHEAST NOW (Assamese)

বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল

January 6, 2021 10:01 am · এন ই নাও নিউজ

বৃটেইনত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত দেশখনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে তেওঁৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণ বাতিল কৰিছে।

ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা হৈছিল বৰিছ জনছনক। কিন্তু এতিয়া তেওঁ এই কাৰ্যসূচীত অংশ নোলোৱাৰ সিদ্ধান্ত লয়।

ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ সংক্ৰমণ নিয়ন্ত্ৰাধীন হৈ পৰাত বৃটেইন চৰকাৰে লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰে।

ইয়াৰ পিছতে মঙলবাৰে প্ৰধান মন্ত্ৰী বৰিছ জনছনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ক’ৰ’নাৰ নতুন ৰূপৰ সংক্ৰমণে চিন্তিত কৰি তোলা জনছনে কয়, ‘সংক্ৰমণ যিটো হাৰত বাঢ়িছে সেয়া অত্যন্ত দুঃখজনক আৰু চিন্তনীয়। বৰ্তমান দেশৰ চিকিৎসালয়সমূহ অতিমাত্ৰা চাপৰ সন্মুখীন হৈছে’।

উল্লেখ্য যে এই পৰ্যন্ত ২৭,১৩,৫৬৩গৰাকী লোক ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু দেশখনত ৭৫ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

ইফালে দেশখনত ক’ৰ’নাৰ নতুন ৰূপৰ সংক্ৰমণ হ্ৰাস কৰাৰ লক্ষ্যৰে ফেব্ৰুৱাৰিৰ মাজ ভাগলৈকে লকডাউন বৃদ্ধি কৰে।

Related News