NORTHEAST NOW (Assamese)

বিজেপিত পৰিয়ালবাদ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ পুত্ৰকেই ৰাজ্যিক সভাপতিৰ দায়িত্ব

November 11, 2023 9:13 am · এন ই নাও নিউজ, গুৱাহাটী

দলিত নেতা মল্লিকাৰ্জুন খাৰ্গে, ভোক্কালিগা সমাজৰ ডি কে শিৱকুমাৰ আৰু অ’বিচি নেতা সিদ্দাৰমাইয়া। ছমাহ পূৰ্বে কংগ্ৰেছৰ এই “ত্ৰিমূৰ্তি”য়ে দাক্ষিণাত্যৰ বিজেপিৰ একমাত্ৰ “দুৰ্গ” ধ্বংস কৰিছিল। বিধানসভা নিৰ্বাচনত বাসবৰাজ বোম্মাইৰ চৰকাৰক উৎখাত কৰাৰ পিছতো কৰ্ণাটকত গেৰুৱা-শিবিৰত ভাঙোন অব্যাহত আছে।

এনে পৰিস্থিতিত বিজেপিৰ শীৰ্ষ নেতৃত্বই লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰত্যাৱৰ্তন কৰিবলৈ লিংগায়ত সম্প্ৰদায়ৰ অবিসম্বাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ ওপৰত নিৰ্ভৰ কৰাৰ পথ লৈছে। ৰাজনীতিবিদৰ এটা অংশই ধাৰণা কৰে যে শুকুৰবাৰে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দলটোৱে যেডুৰাপ্পাৰ পুত্ৰ বি.ৱাই. বিজয়েন্দ্ৰৰ নাম ঘোষণা কৰি সেই বাৰ্তাকে দিব বিচাৰিছে।

লগতে পঢ়কঃ ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

কৰ্ণাটকৰ ৰাজনীতিত ‘য়েড্ডী’ নামেৰে পৰিচিত এইগৰাকী নেতাই দুৰ্নীতিৰ গোচৰত জড়িত হোৱাৰ বাবে ২০১১ চনৰ আগষ্ট মাহত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। জেললৈও যাবলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁ বিজেপি ত্যাগ কৰি ২০১৩ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কৰ্ণাটক জনতা পক্ষ নামৰ এটা দল গঠন কৰে। ৬খন আসনত জয়লাভ কৰাৰ উপৰিও লিংগায়তৰ ভোটত বিভাজন আনি বিজেপিৰ পৰাজয় নিশ্চিত কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ ঘূৰি আহিছিল য়েড্ডী।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ অন্তত কৰ্ণাটকত কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়। কিন্তু ২০১৯ চনত বিধায়কক ভাঙি সেই চৰকাৰখন নমাই আনি পুনৰ তেওঁ মুখ্যমন্ত্ৰী হয়। কিন্তু ২০২১ চনৰ জুলাই মাহত বিজেপিয়ে একাধিক দুৰ্নীতিৰ গোচৰ আৰু দলৰ ভিতৰত বিদ্ৰোহৰ বাবে য়েড্ডীক অপসাৰণ কৰি আন এজন লিংগায়ত নেতা বাসবৰাজ বোম্মাইক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

লগতে পঢ়কঃকেদাৰনাথ ধামত দুই ভাতৃ ৰাহুল গান্ধী আৰু বৰুণ গান্ধীৰ মাজত হোৱা সাক্ষাৎ ‘কাকতলীয়া নাছিল’?

চলিত বৰ্ষৰ মে’ মাহত বিধানসভা নিৰ্বাচনত য়েড্ডীক টিকটও নিদিলে মোডী-শ্বাহৰ  দলে। বৰঞ্চ তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰ (উল্লেখ্য শিমোগাৰ পৰা বৰ্তমানৰ সাংসদ বি ৱাই ৰাঘৱেন্দ্ৰ য়েড্ডীৰ আন এজন পুত্ৰ) শিমোগা জিলাৰ শিকাৰিপুৰাৰ প্ৰাৰ্থী হৈছিল। বিজয়েন্দ্ৰই সমগ্ৰ কৰ্ণাটকত কংগ্ৰেছৰ ঢৌৰ মাজতো বিপুল ব্যৱধানত জয়লাভ কৰে। এইবাৰ দলটোৱে তেওঁক নতুন দায়িত্ব দিলে। বিধানসভাৰ টিকট নাপাই  য়েড্ডীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এইবাৰ তেওঁৰ মত সলনি হ’ব নেকি তাকলৈয়ো চৰ্চা চলিছে।

সি যি কি নহওক, বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বংশবাদ, পৰিয়ালবাদৰ অভিযোগ উত্থাপন কৰি অহাৰ সময়তে দলটোৱে নিজেই পৰিয়ালবাদৰ ওপৰতে ভৰসা কৰিবলগীয়া হোৱাটোও কিন্তু চৰ্চাৰ মাজলৈ আহিছে।

Related News