• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 8:04 am
south - 1

south - 1

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও পৰাস্ত হ’ল। গ্লেন মেক্সৱেলৰ পিছত এইবাৰ বেটৰ যাদু দেখুৱালে ৰাছি ভান ডেৰ ডুচেনে। ফলত দুটা পৰাজয়ৰ সন্মুখীন হৈ আফগানিস্তানে চলিত বিশ্বকাপৰ পৰা আঁতৰি গ’ল। কিন্তু নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ পাছতো আফগান দলে বাইশ গজৰ যুদ্ধত নিজৰ যুঁজৰ মনোভাৱ আৰু দলীয় মনোভাৱ দেখুৱাই ক্ৰিকেট জগতৰ হৃদয় জয় কৰিলে। বিশ্ব ক্ৰিকেটত আফগানিস্তানে নহয়, বিশ্বকাপ বিজয়ী ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দলক পৰাস্ত কৰি ভৱিষ্যতৰ বাবে এক বাৰ্তা দি গ’ল।

১৬ নৱেম্বৰত ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেল খেলিব দক্ষিণ আফ্ৰিকাই। কিন্তু সেই মেচখনত প্ৰৱেশৰ আগতে আফগান দলটোৱে লীগৰ শেষৰখন খেলত পৰাস্ত হ’লেও কুইণ্টন ডি কক-টেম্বা বাভুমাছৰ বেটিঙক লৈ আৰু বিশেষকৈ ৰান চেজৰ দৌৰত বেটিং লাইন আপ ভাঙি পৰাৰ ওপৰত প্ৰশ্ন উঠি আহিল। কিয়নো ভাৰতৰ বিৰুদ্ধে ৩২৭ ৰানৰ লক্ষ্যত নামি মাত্ৰ ৮৩ ৰানত অল আউট হৈছিল প্ৰটিয়াছ। পৰাস্ত হৈছিল ২৪৩ ৰানত। এইবাৰো তেনেকুৱা কিবা এটা হ’ব পাৰিলেহেঁতেন৷ যদিহে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰাছি ভান ডেৰ ডুচেনে দৃঢ়তা দেখুৱাব নোৱাৰিলেহেঁতেন।

Apply Now

ডি কক (৪১)ৰ পৰা বাভুমা (২৩)লৈ, আইডেন মাৰ্ক্ৰাম (২৫)ৰ পৰা ডেভিদ মিলাৰ (২৪)লৈ যদিও খ্যাতিমান বেটছমেনসকলে ভাল আৰম্ভণি কৰিছিল, তথাপিও ৰছিদ খান-মহম্মদ নবী-মুজিবৰ স্পিনৰ আগত পৰাস্ত হৈ এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাছিল। দলটোৰ মিডল অৰ্ডাৰৰ বেটছমেনগৰাকীয়ে আফগান স্পিনাৰৰ বিৰুদ্ধে প্ৰচণ্ড চাপত যুঁজিছিল। তেওঁৰ অপৰাজিত ইনিংছত ৯৫টা বলত ৭৬ ৰানৰ বাবেই দক্ষিণ আফ্ৰিকাই ৫ উইকেটত জয়লাভ কৰে। এণ্ডি পেচলুকৱাওৱে ৩৯টা বলত ৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। নবীয়ে ৩৫ ৰানত ২টা উইকেট আৰু ৰছিদে ৩৭ ৰানত ২টা উইকেট দখল কৰে।

প্ৰটিয়াছৰ বলিঙৰ চাপ সত্ত্বেও বীৰোচিত যুঁজ দিলে আফগানসকলে। যদিও টপ অৰ্ডাৰৰ বেটছমেনসকলে ভাল ৰান নাপালে, আজমাতুল্লাহ ওমৰজাইয়ে যুঁজাৰু ইনিংছ খেলিলে। তেওঁ শতক লাভ নকৰিলেও বিশ্বকাপৰ ইতিহাসত আফগান বেটাৰসকলৰ ভিতৰত দ্বিতীয় সৰ্বাধিক অপৰাজিত ৯৭ ৰানৰ ইনিংছ খেলে।  আৰম্ভণিতে উইকেট হেৰুৱাই বেটছমেনৰ তীব্ৰ সংগ্ৰামৰ মাজতো আফগানিস্তানে ২৪৪ ৰানৰ যুঁজৰ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

টছত জয়ী হোৱাৰ পাছত আফগান শিবিৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আফগানিস্তানৰ হৈ ৰহমাতুল্লাহ গুৰবাজ (২৫) আৰু ইব্ৰাহিম জাৰ্ডানে (১৫) ভাল আৰম্ভণি কৰিছিল যদিও দুয়োজনৰে কোনোৱেই বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে। প্ৰটিয়াছৰ স্পিনাৰ কেশৱ মহাৰাজ (২/১৫) আৰু তাৰ পিছত জেৰাল্ড ক’টজীয়ে  আফগান শিবিৰ জোকাৰি গ’ল। তেওঁ মাত্ৰ ৪৪ ৰানত ৪ জন আফগান বেটছমেনক ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। আফগানিস্তানৰ খেলখনত ৪টা উইকেটৰে মুঠ ১৮টা উইকেট দখল কৰি চলিত বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তৃতীয় স্থান দখল কৰিছে প্ৰটিয়াৰ পেচাৰ ক’টজীয়ে। লুংগি এনগডিয়েও দুটা উইকেট দখল কৰে।

আজমাতুল্লাই এককভাৱে দলটোৰ স্ক’ৰ আগুৱাই নিবলৈ ধৰে। এটা সময়ত আফগানিস্তানৰ আৰু এজন বেটছমেনে একেৰাহে দ্বিতীয়খন মেচত আৰু এটা শতক অৰ্জন কৰাৰ উপক্ৰম হোৱাৰ প্ৰবল সম্ভাৱনা আছিল। কেইদিন পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইব্ৰাহিম জাৰ্ডানে শতক অৰ্জন কৰিছিল। সেইটো আছিল বিশ্বকাপৰ মঞ্চত আফগান বেটছমেনৰ প্ৰথমটো শতক।

কিন্তু আফগান শিবিৰৰ ২৪৪ ৰানত অল আউট হোৱাৰ বাবে আজমাতুল্লাই শতক অর্জন কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়৷ তেওঁ ৯৭ ৰানত অপৰাজিত হৈ থাকে। এয়া বিশ্বকাপৰ ইতিহাসত এজন আফগান বেটছমেনৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। এটা সময়ত এনে লাগিছিল যেন ৰছিদ খান-মহম্মদ নবীৰ সৌজন্যত আফগানিস্তানে বিজয় দেখিবলৈ পাব। কিন্তু শেষত ভান ডেৰ ডুচেনে যুঁজ দি সকলো সলনি কৰি দিলে।

কিন্তু তাতে কি আহে যায়! ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে বিশ্বকাপ বিজয়ী দলক পৰাস্ত কৰাৰ লগতে নেদাৰলেণ্ডক উৰুৱাই দি আফগানিস্তানে বিশ্ব ক্ৰিকেটত নিজকে আন এক উচ্চতালৈ লৈ গ’ল, দি গ’ল ভৱিষ্যত দিনৰ বাবে এক আগজাননীও।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd