NORTHEAST NOW (Assamese)
অসম

“হাগ্ৰামা মহিলাৰী নুফুটা বন্দুক!” কোনে ক’লে এই কথা ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2021 8:07 am
BTC chief Pramod Boro in Tamulpur

“হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুক। হাগ্ৰামা মহিলাৰীয়ে হতাশাত ভুগি আবোল তাবোল বকিছে।”- মঙ্গলবাৰে তামুলপুৰত এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।

তামুলপুৰত সাংবাদিকৰ সতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

প্ৰমোদ বড়োৰ ভাষ্য মতে এতিয়ালৈকে বিজেপি- বিপিএফৰ মাজত মিত্ৰতা হোৱা নাই । ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই কথা স্পষ্ট কৰি দিছে।

তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মোছাহাৰী নিৰ্বাচনত নিৰ্দলীয়ভাবে অৱতীৰ্ণ হলেও তামুলপুৰৰ মিত্ৰ জোটৰ প্ৰাৰ্থীগৰাকীৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিছে বিটিচি প্ৰধান গৰাকীয়ে।

গোসাঁইগাঁও আৰু তামুলপুৰত মিত্ৰ জোটৰ দুয়োগৰাকী প্ৰাৰ্থী বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি ভৱিষ্যত বাণী কৰিছে প্ৰমোদ হড়োৱে।

আন এক প্ৰসঙ্গত তেওঁ কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত ভাল পৰিবেশ আহিছে। এই ভাল পৰিবেশ সদায় অটুট ৰখাটো ৰাইজে বিচাৰিছে।

“আমাক শান্তি লাগে, উন্নয়ন লাগে। এই পৰিবেশটো অটুট ৰখাটো বিটিআৰবাসী ৰাইজেও বিচাৰিছে” – সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য আগবঢ়াই প্ৰমোদ বড়োৱে।