NORTHEAST NOW (Assamese)

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা ক’ভিড-১৯ত আক্ৰান্ত

October 21, 2020 5:06 pm · পুলেন্দ্র কুমাৰ দাস
Updated: October 21, 2020 5:07 pm

অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ লগতে বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত তথা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷

বুঢ়াসত্ৰীয়া গৰাকীৰ দেহত ক’ভিড-১৯ পোৱাটো নিশ্চিত হোৱাত তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ দিহা কৰোৱা হৈছে ৷

বুঢ়াসত্ৰীয়া বাপজনাৰ আশু আৰোগ্য কামনা কৰিছে সত্ৰনগৰী বৰপেটাবাসীয়ে ৷

Related News