মুখেৰে ৰাম নাম, কৰে ৰাৱণৰ কাম! We20 Peoples’ Summit বন্ধৰে এয়া কিহৰ ইংগিত!
মুখেৰে গণতন্ত্ৰৰ কথা কৈ আহিলেও মোদীয়ে দেশত যেন চলাইছে ফেচিষ্ট শাসন! দেশত যেন নোহোৱা হৈছে সামান্যতমো গণতান্ত্ৰিক পৰিৱেশ! চৰকাৰ, বিজেপি আৰু আৰএছএছ বিৰোধী মতাদৰ্শৰ লোকৰ বাবে মোদীৰ দেশত যেন নাই মুকলি বতাহ লোৱাৰ অৱকাশ, নাই মুকলিকৈ কথা পতা আৰু আলোচনা কৰাৰ পৰিৱেশ! মোদী চৰকাৰৰ শেহতীয়া এক পদক্ষেপে এই কথা ভাবিবলৈ বাধ্য কৰাইছে দেশবাসীক। লগতে মোদী চৰকাৰৰ কথা আৰু কামৰ মাজত যে কোনো সাদৃশ্য নাই সেই কথাও পুনৰ এবাৰ প্ৰমাণ হৈ পৰিছে।
উল্লেখ্য যে কিছুমাহ পূৰ্বে ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল G20 সন্মিলন। সেই সন্মিলনৰ শ্লগান আছিল ‘এক পৃথিৱী। এক পৰিয়াল। এক ভৱিষ্যৎ।’ যাক ভাৰতীয় দৰ্শনত ‘বাসুদৈৱ কুটুম্বকম’ বুলিও মোদী চৰকাৰে প্ৰচাৰ চলাইছিল। আৰু ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ G20ৰ সভাপতিত্বৰ ল’গ’ মুকলি কৰাৰ সময়ত কৈছিল এয়া সমগ্ৰ বিশ্বৰ ন্যায়সংগত আৰু সমতাপূৰ্ণ বিকাশৰ বাবে কৰা সংগ্ৰামৰ অংশ। লগতে দিয়া হৈছিল একেলগে কাম কৰাৰ গণতান্ত্ৰিক, অংশগ্ৰহণমূলক আৰু সুসম পদ্ধতিক প্ৰতিনিধিত্বক সুনিশ্চিক কৰাৰ শ্ল’গান।
কিন্তু সঁচাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে মুখেৰে কোৱা কথা আখৰে আখৰে পালন কৰিছে নে? এতিয়া এই প্ৰশ্নৰ উদয় হৈছে দেশবাসী, বিশেষকৈ দেশৰ প্ৰগতিশীল লোকৰ মনত। কাৰণ ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত G20 সন্মিলনৰ অফিচিয়েল ল’গ’ত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰতীক পদুম ফুলকো স্থান দিয়া হৈছিল। সেয়ে দেশৰ প্ৰগতিশীল মহলে ধাৰণা কৰিছে যে মোদী চৰকাৰে G20 সন্মিলনত গণতান্ত্ৰিক ভাৱাদৰ্শ নহয়, হিন্দুত্ববাদৰ ধৰ্মীয় দৰ্শনকহে প্ৰতিফলিত কৰিলে। যি ধৰ্মীয় দৰ্শনক ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ বুলি মোদী চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি প্ৰকৃত গণতান্ত্ৰিক ভূমিকাৰ পৰা ফালৰি কাটি আহিছিল।
এনে কাৰণতে প্ৰগতিশীল আৰু স্বতন্ত্ৰ স্বেচ্ছাসেৱী সংগঠন, জন আন্দোলনত জড়িত লোক, স্বতন্ত্ৰ গৱেষক, মুক্তমনৰ শিক্ষাবিদ, সংবাদ মাধ্যম আদিৰ সৈতে জড়িত প্ৰগতিশীল লোকসকলে G20 সন্মিলনৰ প্ৰক্ৰিয়াটো কেনেকৈ হিন্দুত্ববাদ, অগণতান্ত্ৰিক আৰু মোদী চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে তাক উন্মুক্ত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদীয়ে ভাৰতত কেনেদৰে শাসন কৰি আছে আৰু ব্যাপক গণতান্ত্ৰিক প্ৰমূল্য কেনেকৈ অৱক্ষয় হৈছে এই সকলোবোৰ জুকিয়াই চাবলৈ আহ্বান কৰিছিল We20 Peoples’ Summit।
যোৱা ১৮ৰ পৰা ২০ তাৰিখলৈ চিপিআই(এম)ৰ দিল্লীস্থিত HKS সুৰজিৎ ভৱনত We20 Peoples’ Summit অনুষ্ঠিত কৰে। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এই আলোচনাত অংশগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰাক্তন পৰিৱেশ মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ, নৰ্মদা বচাও আন্দোলনৰ মেধা পাটকাৰ, ৰাজ্যসভাৰ সাংসদ অনিল হেগড়ে, বন্দনা শিৱা আৰু অন্যান্য বিশিষ্ট প্ৰগতিশীল লেখকসকল।
মোদী চৰকাৰে বন সংৰক্ষণ আইন আৰু জৈৱ বৈচিত্ৰ আইনক দুৰ্বল কৰি কেনেকৈ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে বিশ্বব্যাপী চলা মৌলিক আন্দোলনটো ভাৰতে দুৰ্বল কৰি তুলিছে সেয়াও চৰ্চা কৰা হৈছিল। এনেবোৰ কাৰণতে উক্ত সন্মিলনখন সহ্য নহ’ল মোদী চৰকাৰৰ। লগে লগে ১৯ আগষ্টত মোদী চৰকাৰে দিল্লী আৰক্ষীক লগাই বলপূৰ্বকভাৱে বন্ধ কৰি দিলে We20 Peoples’ Summit।
আৰক্ষীয়ে সন্মিলনলৈ মানুহ সোমোৱা আৰু ওলোৱাটোকেই বন্ধ কৰি দিয়ে। ১৯ আগষ্টৰ দুপৰীয়াতে দিল্লী আৰক্ষীৰ এটা বৃহৎ সশস্ত্ৰ বেটেলিয়নে অঞ্চলটো ঘেৰি ধৰাত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতৰো সৃষ্টি হয়।
এতিয়া চৰ্চা হৈছে এয়া নেকি প্ৰধানমন্ত্ৰী মোদীৰ কথিত গণতন্ত্ৰৰ নমুনা! যি গণতন্ত্ৰত বিপৰীত মতাদৰ্শ লোকৰ এখন সন্মিলন অনুষ্ঠিত কৰিবলৈ দিয়া নহয়। বিশ্ববাসীয়ে শুনাকৈ ডিঙিৰ সিৰা ফুলাই ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি চিঞৰি থকা মোদীৰ চৰকাৰে দেশৰ নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ এইদৰে পদপৃষ্ট কৰি আহিছে বুলিও এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।