NORTHEAST NOW (Assamese)

‘কা’ বিৰোধী আন্দোলনকাৰীয়ে লাভ নকৰিব চৰকাৰী সাহায্য; জনপ্ৰতিনিধিৰ মন্তব্যক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত তীব্ৰ উত্তেজনা

July 20, 2020 5:21 pm · মানস প্ৰতীম গগৈ
ফটো-নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তত আজি প্ৰায় ৩ শতাধিক ৰাইজৰ উপস্থিতিত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

ক’ৰ’না মহামাৰীৰ ফলত খাদ্য সংকটত পৰা লোক সকলক চৰকাৰে পঞ্চায়তৰ জৰিয়তে সাহায্য প্ৰদান কৰি আহিছে কিন্তু মাকুম পথাৰ পঞ্চায়তৰ অন্তৰ্গত ৩নং মাকুম পথাৰ অঞ্চলৰ একাংশ লোকে চৰকাৰী সাহায্য লাভ নকৰাক কেন্দ্ৰ কৰি পঞ্চায়ত কাৰ্যালয়টোত আজি এক উত্তপ্ত পৰিৱেশ সৃষ্টি হয় ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীয়ে চৰকাৰী সাহায্য লাভ নকৰিব বুলি ৩নং মাকুম পথাৰ ৱাৰ্ড মেম্বাৰ গীতাঞ্জলী ফুকনে কৰা এক বিৰূপ মন্তব্যক কেন্দ্ৰ কৰিয়েই উত্তেজিত হৈ পৰে একাংশ মহিলা।

৩নং মাকুম পথাৰৰ ৱাৰ্ডৰ মেম্বাৰ গৰাকীয়ে কেবল নিজৰ সমৰ্থিত লোকৰ মাজত পঞ্চায়তৰ বিভিন্ন আঁ‌চনি তথা ক’ৰ’না মহামাৰীৰ সময়ত প্ৰদান কৰা বিভিন্ন চৰকাৰী সাহায্য কেৱল একাংশ ৰাইজৰ মাজতেই বিতাৰণ কৰি অহাৰ অভিযোগ উত্থাপনক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠে স্থানীয় মহিলা সকল।

অনহাতে, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ ঘটনা সম্পৰ্কত আৱগত হৈ মাকুম পথাৰ পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তক লগ ধৰি পঞ্চায়টোত দীৰ্ঘদিনে চলি থকা স্বজন তোষণ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

মাকুম পথাৰ গাওঁ পঞ্চায়ত সভানেত্ৰী মাম্পী সিং দত্তই স্থানীয় ৰাইজ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা তথা সাংবাদিকৰ সন্মুখত এতিয়াৰে পৰা পঞ্চায়টোৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ ৰাইজৰ লগত আলোচনা কৰি সাহায্য সামগ্ৰী তথা আঁ‌চনী সমূহ ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিয়ে যে ।

৩ নং মাকুম পথাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ গীতাঞ্জলী ফুকনে ‘কা’ বিৰোধী আন্দোলনকাৰী সকলে চৰকাৰী সাহায্য লাভ নকৰিব বুলি কোৱা মন্তব্যৰ বিৰুদ্ধেও সভানেত্ৰী গৰাকী ক্ষুণ্ণ হোৱাৰ লগতে এনে মন্তব্যৰ বাবে ক্ষমাপ্ৰাৰ্থী বুলি কোৱাত পৰিস্থিতি শাম কাটে যদিও অঞ্চলটোত বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আহিছে।

৩ নং ৱাৰ্ড মেম্বাৰ গীতাঞ্জলী ফুকনে দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰি মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ হাতত স্থানীয় ৰাইজে এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা মহকুমাধিপতিক মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তত চলি থকা স্বজন-তোষণৰ বিৰুদ্ধে অনতিপ্ৰলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

মাৰ্ঘেৰিটা মহকুমাধিপতিয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে পঞ্চায়ত খনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি স্মাৰক পত্ৰ খনৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে আঞ্চলিক ছাত্ৰ সন্থা সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰুপম বৰুৱাই।

Related News