NORTHEAST NOW (Assamese)
Popular Stories

মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰিলে ৱাকফ আইন সালসলনিৰ প্ৰস্তাৱে! কি কি হ’ব পৰিৱৰ্তন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2025 2:44 pm

সলনি হ’ব বহু বিতৰ্কিত ৱাকফ আইনৰ । বৃহস্পতিবাৰে ৱাকফ বিধেয়কৰ প্ৰস্তাৱিত পৰিৱৰ্তনত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। সূত্ৰ অনুসৰি যুটীয়া সংসদীয় সমিতিয়ে ৱাকফ আইনত ২৩টা সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰে ১৪টা প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে।


উল্লেখ্য যে বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত লোকসভাত উত্থাপন কৰা হৈছিল ৱাকফ সংশোধনী বিধেয়ক। ১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশন। বিশেষ সূত্ৰৰ অনুসৰি দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশনতে সংশোধিত বিধেয়কখন সংসদত দাখিল হোৱাৰ সম্ভৱনা আছে।


উল্লেখযোগ্য যে ৱাকফ আইনত প্ৰয়োজনীয় সালসলনি কৰিবলৈ এখন যৌথ সংসদীয় সমিতি গঠন কৰা হৈছিল। ছমাহৰ ভিতৰত প্ৰায় ৩৬ খন বৈঠকৰ অন্তত ১৩ ফেব্ৰুৱাৰীত যৌথ সংসদীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত ২৩টা পৰিৱৰ্তনৰ পৰামৰ্শ প্ৰদান কৰিছিল। বিৰোধীয়ে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি যৌথ সংসদীয় সমিতিয়ে তেওঁলোকৰ পৰামৰ্শ নাকচ কৰা বুলি দাবী কৰে । যৌথ সংসদীয় সমিতিয়ে ২৩টা সংশোধনী প্ৰস্তাৱৰ ১৪টা ভোটদানৰ অন্তত গ্ৰহণ কৰে।


জেপিচিয়ে ৱাকফ আইনত প্ৰস্তাৱ কৰা সংশোধনী অনুসৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱাকফ পৰিষদত কমেও দুজন অমুছলমান সদস্য থাকিব, লগতে পৰিষদত মহিলা সদস্য সংযোজনৰো প্ৰস্তাৱ দিছে।


ইয়াৰোপৰি ৱাকফ ব’ৰ্ডে কোনো সম্পত্তিক ইচ্ছাঅনুসৰি ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰিব নোৱাৰিব। চৰকাৰী অধিকাৰীৰ দ্বাৰা পৰ্যালোচনাৰ পিছতহে সেই সম্পত্তি ৱাকফৰ সম্পতি হয় নে নহয় সিদ্ধান্ত লোৱা হ‘ব।


আৰু কমেও ৫ বছৰ নিজৰ ধৰ্ম পালন কৰাৰ পাছত হে কোনো মুছলমানে ৱাকফত সম্পত্তি দান কৰিব পাৰিব ।