NORTHEAST NOW (Assamese)
অসম

চিৰাঙত মাটিত পুতি ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 11:19 pm
Cache of arms recovered in BTAD's Chirang

চিৰাং আৰক্ষীয়ে মঙলবাৰে জিলাখনৰ খাগ্ৰাবাৰী অঞ্চলত লুকাই থোৱা অৱস্থাত এক অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিছে।

চোৰাংচোৱা খবৰৰ ভিত্তিত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ)ৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযানটো চলাইছিল।

ৰুণীখাতা আৰক্ষী থানাৰ অধীনৰ এলেকাটোত চলোৱা অভিযানত অস্ত্ৰখিনি উদ্ধাৰ হৈছে।

মাটিত পুটি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা অস্ত্ৰখিনি হৈছে—মেগাজিনৰ সৈতে এটা এইচ কে ছিৰিজৰ ৰাইফল, দুটা মেগাজিনৰ সৈতে এটা এ কে ছিৰিজৰ ৰাইফল, দুটা মেগাজিনৰ সৈতে এটা উজি ধৰণৰ আগ্নেয়াস্ত্ৰ, মেগাজিনৰ সৈতে দুটা পিষ্টল, দুটা চীনা হেণ্ড গ্ৰেনেড, এ কে ছিৰিজৰ ৰাইফলৰ ৯৩ ৰাউণ্ড গুলী, ৫.৫৬ এম এমৰ আগ্নেয়াস্ত্ৰৰ ২৫ ৰাউণ্ড গুলী আৰু অন্যান্য সামগ্ৰী।

উল্লেখযোগ্য যে শেহতীয়াকৈ আৰক্ষীয়ে বি টি এ ডিৰ কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।