NORTHEAST NOW (Assamese)

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ক্ৰিকেট দলৰ সূৰ্যকুমাৰ যাদৱৰ যুগ শেষ হোৱাৰ পিছত শ্ৰেয়স আয়াৰৰ নেতৃত্বত নতুন অধ্যায়ৰ আৰম্ভণিটো মুঠেই ভাল নহল। আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-টুৱেণ্টি মেচতে ৩৪ ৰানত পৰাজিত হল টীম ইণ্ডিয়া। বেলফাষ্টত অনুষ্ঠিত হোৱা এই মেচখনত বলাৰসকলৰ ব্যৰ্থতাৰ পিছত বেটিং বিভাগেও বেয়াকৈ হতাশ কৰিলে। সকলোৰে দৃষ্টি আছিল ১৫ বছৰীয়া যুৱ তাৰকা বৈভৱ সূৰ্যবংশীৰ অভিষেকৰ ওপৰত, কিন্তু তেওঁক মূল একাদশৰ পৰা বাহিৰত ৰখা হল। অনুৰাগী আৰু বিশেষজ্ঞসকলৰ মতে, বৈভৱক খেলালে হয়তো মেচখনৰ ফলাফল বেলেগ হলহেঁতেন। অধিনায়ক শ্ৰেয়সে পুৰণি দলটোকে বাহাল ৰখাৰ যুক্তি দিছিল যদিও আঢ়ৈ বছৰৰ পিছত দললৈ ঘূৰি আহিয়েই নিজেই পোনপটীয়াকৈ অধিনায়কৰ দায়িত্ব পোৱা কাৰ্যই বহুতকে আচৰিত কৰিছে। জশপ্রীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিৰ বাহিৰে এইখন প্ৰায় বিশ্বকাপ বিজয়ী দলেই আছিল।

মেচখনত টছত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল যদিও মেঘাচ্ছন্ন পৰিৱেশৰ সুবিধা লবলৈ সম্পূৰ্ণ ব্যৰ্থ হল প্রসিদ্ধ কৃষ্ণ। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুত কৰি থকা বলাৰজনে ৪ অভাৰত কোনো উইকেট নোলোৱাকৈ ৫৭ ৰান দিলে, যাৰ ভিতৰত এটা অভাৰতে আছিল ২৭ ৰান। অধিনায়ক শ্ৰেয়সৰ কিছুমান সিদ্ধান্তও আচৰিত আছিল, কিয়নো শিৱম ডুবেৰ অভাৰ বাকী থকাৰ পিছতো তেওঁ ৱাশ্বিংটন সুন্দৰক বলিং কৰিবলৈ দিছিল। অৱশ্যে আঘাতৰ পৰা দীৰ্ঘদিনৰ মূৰত ঘূৰি অহা হৰ্ষিত ৰানাই সুন্দৰ বলিং কৰি ২৪ ৰানত ৩ টা উইকেট লবলৈ সক্ষম হয়। অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে ২টি কৈ উইকেট লাভ কৰে। আয়াৰলেণ্ডৰ অধিনায়ক লৰকান টাকাৰৰ অৰ্ধশতক আৰু গেৰেথ ডেলানিৰ গুৰুত্বপূৰ্ণ ইনিংছৰ সহায়ত ঘৰুৱা দলটোৱে ৯ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে।

১৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতীয় তাৰকাখচিত বেটিং লাইনআপ আইৰিছ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে। দীৰ্ঘদিন ধৰি দেশৰ মাটিত খেলাৰ পিছত বিদেশৰ মাটিত নামিয়েই চাপত পৰিল সঞ্জু ছেমছন। দ্বিতীয় অভাৰতে ভাৰতীয় বংশোদ্ভূত বলাৰ জয় মুন্দ্ৰাৰ বলত আউট হয় সঞ্জু। ইয়াৰ পিছতে ঈশান কিষাণ আৰু অধিনায়ক শ্ৰেয়স আয়াৰো মাত্ৰ ৩ ৰান কৰি পেভিলিয়নলৈ ঘূৰি যায়। কেৱল অভিষেক শৰ্মাই এটা প্ৰান্তৰ পৰা ধুমুহাৰ দৰে বেটিং কৰি ২০ বলত ৫০ ৰান কৰে, ত আছিল ৭টা চাৰি আৰু ২টি ছয়। কিন্তু তিলক বাৰ্মা আৰু ৱাশ্বিংটন সুন্দৰৰ ধীৰ গতিৰ বেটিঙে চাপ আৰু বৃদ্ধি কৰিলে। শেষৰ ফালে শিৱম ডুবে আৰু অক্ষৰ পেটেলে অলপ চেষ্টা কৰিছিল যদিও দলত কোনো ফিনিচাৰ নথকাৰ বাবে ভাৰতে ১৪৮ ৰানতে ইনিংছ সামৰিবলগীয়া হয়। আয়াৰলেণ্ডৰ মেথিউ হলাৰ্ডে ৩টা উইকেট লয়।

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে আয়াৰলেণ্ডৰ দৰে দুৰ্বল দল এটাৰ বিৰুদ্ধে বৈভৱ সূৰ্যবংশীক কিয় সুযোগ দিয়া নহল। অভিষেক আৰু বৈভৱে একেলগে ইনিংছ আৰম্ভ কৰা হলে ভাৰতে হয়তো অতি কম সময়তে লক্ষ্যৰ ওচৰ চাপিব পাৰিলেহেঁতেন। এই শৃংখলাটো হয়তো বৰ বেছি গুৰুত্বপূৰ্ণ নহব পাৰে, কিন্তু যুৱ খেলুৱৈক পৰীক্ষা কৰাৰ বাবে ইয়াৰকৈ ভাল সুযোগ আৰু নহলহেঁতেন। অনুৰাগীসকলে আশা কৰিছে যে দ্বিতীয় তথা অন্তিমখন মেচৰ পূৰ্বে অধিনায়ক শ্ৰেয়স আয়াৰ আৰু প্ৰশিক্ষক গৌতম গম্ভীৰে এই ভুলটো শুধৰাই বৈভৱক দলত স্থান দিব।

Related News