NORTHEAST NOW (Assamese)

ৰে’লত সাধাৰণ মহিলাৰ পৰা জব্দ অসাধাৰণ পৰিমাণৰ টকা

May 3, 2019 2:01 pm · এন ই নাও নিউজ
Updated: May 3, 2019 10:21 pm
ৰে'ল আৰক্ষীৰ হাতত আটক হোৱা মহিলা দুগৰাকী।

হোজাই জিলাৰ লামডিং ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে নিশা ৰে’ল আৰক্ষীয়ে দৈনিক পহৰাৰ সময়ত  দুগৰাকী মহিলাৰ পৰা ৪৯,৯৮,০০০ টকা জব্দ কৰে।

বৃহস্পতিবাৰে নিশা ৮ বজাত ১৫৬৬৫ নম্বৰ উত্তৰ প্ৰদেশ-ডিমাপুৰ বিজি এক্সপ্ৰেছত দুগৰাকী মহিলাৰ পৰা জব্দ কৰা হয় টকাখিনি।

ৰে’ল আৰক্ষীয়ে বৃহৎ পৰিমানৰ টকাৰে সৈতে আটক কৰা মহিলা দুগৰাকী মোহন হালদাৰৰ পত্নী গায়ত্ৰী হালদাৰ(৬০) আৰু জান্তু হালদাৰৰ পত্নী আৰতি হালদাৰ (৫৫) বুলি চিনাক্ত কৰা হয়।

আটক হোৱা দুয়োগৰাকী মহিলা পশ্চিম বংগৰ কোঁচ বিহাৰৰ উজনি কোঁচ বিহাৰ আৰক্ষী চকীৰ অন্তৰ্গত ফাচীতোলা গাঁৱৰ বাসিন্দা।

ৰে’ল আৰক্ষীৰ জেৰাত মহিলা দুগৰাকীয়ে টকাখিনি কোঁচ বিহাৰৰ পৰা বোকাজানলৈ লৈ গৈ আছিল বুলি স্বীকাৰ কৰে।

আনহাতে, লামডিং ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হোৱা ধনখিনি সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫/১৯ য়ু/এচ ৩৭৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়। শুকুৰবাৰে দুয়োগৰাকী মহিলাক আদালতত হাজিৰ কৰোৱা হ’ব।

Related News