NORTHEAST NOW (Assamese)

এক কোটিতকৈয়ো অধিক ধনৰ প্ৰৱঞ্চনাৰ বাবে সেনা জোৱানক গ্ৰেপ্তাৰ চিবিআইৰ

July 23, 2019 1:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) লিকাবালিস্থিত আৰ্মি ছাপ্লাই কৰ্পছৰ এগৰাকী সেনা জোৱানক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দি নিৰীহ লোকৰ পৰা এক বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

আদালতৰ এক তদন্তৰ পাছত সেনা জোৱান বিজয় কুমাৰ গুপ্তা আৰু তেওঁৰ এগৰাকী সহযোগী অচিন্ত ঘোৰাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ লাভ কৰাত গোচৰটো ভাৰতীয় সেনাই কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোক হস্তান্তৰ কৰে।

গুপ্তাই পাঁচটা ভিন্ন একাউন্ট ব্যৱহাৰ কৰিছিল আৰু সেনাৰ তদন্তৰ আদালতে এক কোটিতকৈয়ো অধিক টকাৰ লেনদেন ধৰা পেলায়।

‘’গুপ্তাই দালালৰ সৈতে মিলি চাকৰি সন্ধানকাৰীসকলক বিচাৰি উলিয়াইছিল আৰু তেওঁলোকক অসামৰিক এজেন্টৰ সৈতে পৰিচয় কৰাই দি উৎকোচৰ ধন সৰবৰাহৰ বাহক হিচাপে কাম কৰিছিল,’’-চিবিআইলৈ লিখা সেনাৰ পত্ৰখনত কোৱা হৈছে।

ভাৰতীয় সেনাই সন্দেহ কৰে যে গুপ্তা অচিনাক্ত দালালৰ দ্বাৰা পৰিচালিত এক বৃহৎ চক্ৰৰ অংশ হ’ব পাৰে আৰু সেয়েহে গোচৰটোৰ এক চিবিআই তদন্ত বিচাৰিছে। সেনাই লগতে ধন সৰবৰাহৰো এক তদন্ত বিচাৰিছে।

শীৰ্ষ সেনা বিষয়ালৈ লিখা এগৰাকী মহিলাৰ এক লিখিত অভিযোগৰ পাছত এই কেলেংকাৰি পোহৰলৈ আহে। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে গুপ্তাই তেওঁৰ পুত্ৰক চাকৰি যোগাৰ কৰি দিয়াৰ নামত তেওঁৰ পৰা ১.৫ লাখ টকা উৎকোচ হিচাপে লৈছিল।

Related News