NORTHEAST NOW (Assamese)

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত চিবিআইৰ অভিযান! গ্ৰেপ্তাৰৰ সম্ভাৱনা…

March 26, 2025 10:15 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 26, 2025 11:29 am

আজি পুৱা ৭ বজাত চিবিআইয়ে ছত্তীশগড়ৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত অভিযান চলায়। চিবিআইৰ তদন্তকাৰীয়ে তেওঁৰ ৰায়পুৰ আৰু ভিলাইৰ ঘৰ পৰিদৰ্শন কৰে।কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে, সুৰা কেলেংকাৰীৰ তদন্তৰ বাবে এই অভিযান চলোৱা হৈছে।

অহা ৮ আৰু ৯ এপ্ৰিলত আহমেদাবাদত অনুষ্ঠিত হবলগীয়া কংগ্ৰেছৰ সৰ্বভাৰতীয় সন্মিলনখনৰ দায়িত্বত থকা বাঘেলে সন্মিলনৰ খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ দায়িত্বত আছে। তেওঁৰ ঘনিষ্ঠ মহলে এক্স হেণ্ডেলৰ ওপৰত চিবিআইৰ অভিযানৰ বিষয়ে অৱগত কৰি কয় যে এই অভিযান এআইচিচিৰ সন্মিলনত ব্যাঘাত জন্মাবলৈ কৰা হৈছে।

সুৰাৰ গোচৰৰ উপৰিও বাঘেলৰ বিৰুদ্ধে লটাৰী কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহলৈকে তেওঁ মুখ্যমন্ত্ৰী আছিল। অভিযোগ কৰা হৈছে যে ক্ষমতাত থকাৰ সময়ত তেওঁ নিজৰ চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰি অবৈধভাৱে সুৰাৰ অনুজ্ঞাপত্ৰ বিতৰণ কৰিছিল। বিগত বছৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সুৰা কেলেংকাৰীক তেওঁৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি জয়লাভ কৰিছিল।

চলিত মাহৰ ১১ তাৰিখে আন এটা তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰীয়াই বাঘেলৰ ঘৰত অভিযান চলায়। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা নগদ ৩৩ লাখ টকা উদ্ধাৰ ইডিৰ। ইয়াৰ পূৰ্বে ইডিয়েও বাঘেলৰ পুত্ৰৰ ঘৰত অভিযান চলাইছিল। অবৈধ ধনৰ লেনদেনৰ গোচৰত এই অভিযান চলাইছিল।

ইডিয়ে বিপুল পৰিমাণৰ নগদ ধন জব্দ কৰাৰ পাছত বাঘেলে শস্য বিক্ৰীৰ ধন ঘৰতে ৰখা বুলি দাবী কৰে। সেই সঁহাৰিত ইডি সন্তুষ্ট নাছিল। ইডি আৰু চিবিআইৰ কাৰ্যকলাপৰ ভিত্তিত জানিব পৰা সকলৰ মতে কেইদিনমানৰ ভিতৰতে কেন্দ্ৰীয় সংস্থা দুটাই সুৰা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব। তেওঁৰ অনুগামীসকলে আশংকা কৰিছে যে চিবিআইয়ে বাঘেলক গ্ৰেপ্তাৰ কৰিব পাৰে।

Related News