NORTHEAST NOW (Assamese)

Bipin Rawat কাইলৈ দিল্লীত সম্পন্ন কৰা হ’ব চিডিএছ বিপিন ৰাৱাট আৰু পত্নী মধুলিকাৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া

December 9, 2021 8:47 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 9, 2021 8:51 am

বুধবাৰে তামিলনাডুৰ কুনুৰত ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটা চিডিএছ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ নতুন দিল্লীত সম্পন্ন কৰা হ’ব ।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত এই কথা প্ৰকাশ কৰা হৈছে।

আজি সন্ধিয়া তামিলনাডুৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ বিমানেৰে ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃতদেহ নতুন দিল্লীলৈ অনা হ’ব।

কাইলৈ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃতদেহ লৈ নতুন দিল্লীৰ কামৰাজ মৰ্গৰ পৰা ব্ৰাৰ স্কোৱেৰলৈ এক সমদল উলিওৱা হ’ব।

ইপিনে কালিৰ দুৰ্ঘটনাটোৰ পিছতে বহু সময় ধৰি চিডিএছ বিপিন ৰাৱাট জীয়াই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে।

ৰাৱাটক চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটিছিল।

ইপিনে ভাৰত চৰকাৰে ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন এগৰাকী চিডিএছ নিযুক্তি দিব বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

Related News