NORTHEAST NOW (Assamese)
অসম

কোভিড কালত উদ্ধাৰ কাৰ্যত জৰিত হৈ মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালেও পাব

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও December 9, 2021 9:01 am
কোভিড কালত উদ্ধাৰ কাৰ্যত জৰিত হৈ মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালেও পাব

ৰাজহ বিভাগৰ অধীনত কোভিডৰ সময়ত উদ্ধাৰকাৰ্য বা আনুষংগিক কামত নিযুক্ত লোক কোভিড সংক্ৰমিত হৈ মৃত্যুৰ মুখত পৰা ব্যক্তিৰ নিকট আত্মীয়ক এককালীনভাৱে ৫০ হেজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে।

বঙাইগাঁও জিলাতো ইয়াৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰত আবেদন আহ্বান জনোৱা হৈছে।

প্ৰাৰ্থনা, মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আৰু মুখ্যমন্ত্ৰীৰ শিশু সেৱা আদি আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ উপৰি উক্ত আঁচনিসমূহত ইতিমধ্যে অন্তৰ্ভুক্ত নোহোৱা অথচ কোভিডত ঢুকোৱা বুলি প্ৰমাণপত্ৰ থকা লোকৰ নিকট আত্মীয়ক এছ ডি আৰ এফ বিধি অনুসৰি এই আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব।