NORTHEAST NOW (Assamese)

অহা ২ ডিচেম্বৰত সৰ্বদলীয় বৈঠকৰ আহ্বান কেন্দ্ৰৰ

November 25, 2023 8:46 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ পূৰ্বে কেন্দ্ৰই ২ ডিচেম্বৰৰ পুৱা ১১ বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই ঘোষণা জাৰি কৰিছে।

উল্লেখ্য যে, ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশন ২২ ডিচেম্বৰলৈকে চলিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে ৯ নৱেম্বৰত এই বিষয়ে প্ৰকাশ কৰিছিল।

সাধাৰণতে অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰা হয়। কিন্তু ৩ ডিচেম্বৰত পাঁচখন ৰাজ্যৰ ভোট গণনাৰ বাবেই এইবাৰ বৈঠক এদিন আগুৱাই দিয়া হৈছে।

লক্ষনীয়ভাৱে, অধিৱেশনৰ সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত ‘ধনৰ বিনিময়ত প্ৰশ্ন’ অভিযোগ সন্দৰ্ভত সংসদৰ নৈতিকতা সমিতিৰ প্ৰতিবেদন লোকসভাত দাখিল কৰা হ’ব।

এই অধিবেশনত ভাৰতীয় দণ্ডবিধিৰ (আই পি চি), ফৌজদাৰী বিধি সংহিতা (চি আৰ পি চি), আৰু প্ৰমাণ আইনৰ স্থানত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক আলোচনা হোৱাৰ সম্ভাৱনা আছে।

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তি সম্পৰ্কীয় আন এখন গুৰুত্বপূৰ্ণ বিধেয়ক এই অধিবেশনতে উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

Related News