NORTHEAST NOW (Assamese)

চালকৰ ওচৰৰ আসনৰ বাবে এয়াৰবেগ বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ চৰকাৰৰ

December 29, 2020 6:56 pm · এন ই নাও নিউজ

যাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে চাৰিচকীয়া বাহনত সন্মুখৰ দুয়োগৰাকী যাত্ৰীৰ বাবে এয়াৰ বেগ বাধ্যতামূলক কৰাৰ বাবে প্ৰস্তাৱ গৃহীত কৰে।

পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে এক জাননী যোগে এই প্ৰস্তাৱ ৰূপায়ন কৰাৰ বাবে ২০২১ বৰ্ষৰ এক এপ্ৰিলক অন্তিম সময়সীমা হিচাপে বান্ধি দিয়ে।

পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে ২৮ ডিচেম্বৰ ২০২০ ত এখন এই সম্পৰ্কীয় জাননী নিজৰ বিভাগীয় ৱেবচাইটত আপলোড কৰে।

আনহাতে, এই সিদ্ধান্তৰ ক্ষেত্ৰত মন্ত্ৰ্যালয়ে সকলো অংশীদ্বাৰিৰে মতামত আৰু পৰামৰ্শ বিচাৰে।

বিভাগীয় এগৰাকী বিষয়াই পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ এয়া এক বৃহৎ সিদ্ধান্ত হিচাপে উল্লেখ কৰি এই সিদ্ধান্তই চাৰিচকীয়া বাহনত যাত্ৰা কৰা যাত্ৰী সকলৰ সুৰক্ষাৰ দিশটো বৃদ্ধি কৰিব বুলি লগতে কয়।

আনহাতে, সকলো চাৰিচকীয়া বাহনতে সন্মুখৰ যাত্ৰীৰ বাবে এয়াৰবেগ বাধ্যতামূলক কৰাৰ বাবে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ বিষয়াগৰাকীয়ে কয়।

ইপিনে, চালকৰ ওচৰত আসনগ্ৰহণ কৰা যাত্ৰীৰ বাবে এয়াৰবেগ বাধ্যতামূলক কৰিলে চাৰিচকীয়া বাহনৰ মূল্য কিছু পৰিমানে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Related News