NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল আৰু ডিজেলত প্ৰতিলিটাৰত ৩ টকা আবকাৰী শুল্ক বৃদ্ধি চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 10:48 am
Petrol Disel

আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ ফলত হ’ব পৰা লাভৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্ক প্ৰতিলিটাৰত ৩ টকা বৃদ্ধি কৰে।

বিশেষ আবকাৰী শুল্ক পেট্ৰ’লৰ ক্ষেত্ৰত প্ৰতিলিটাৰত ২ টকাৰ পৰিবৰ্তে ৮ টকা আৰু আৰু ডিজেলত ৪ টকা বৃদ্ধি কৰা হয় বুলি জানিব পৰা গৈছে।

পেট্ৰ’ল আৰু ডিজেলত পথ উপকৰ ১ টকা বৃদ্ধি কৰি ১০ টকা কৰা হয়।

চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্ক বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ ফলত তেলৰ মূল্য বৃদ্ধি পাব।

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী মূল্য বৃদ্ধিৰ সিদ্ধান্তই গ্ৰাহকক পেট্ৰ’ল আৰু ডিজেলত অতিৰিক্ত মূল্য ভৰিবলৈ বাধ্য কৰিব।