NORTHEAST NOW (Assamese)

পুনৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ অখিল গগৈক

May 28, 2020 4:57 pm · কল্পজ্যোতি শইকীয়া
Updated: May 28, 2020 4:58 pm
প্ৰতিনিধিত্বমূলক ছবি

অখিল গগৈক চাবুৱা থানাৰ তিনিটাকৈ নতুন গোচৰত কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাই তিনিটা গোচৰৰ ভিত্তিত ৰুজু কৰিছে।

এই তিনিটা গোচৰৰ ভিত্তিত পুনৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ হ’ল অখিল গগৈ।

আজি বিয়লি ভাগত কৃষক মুক্তিৰ নেতাগৰাকীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

চাবুৱা থানাৰ গোচৰকেইটা হৈছে ২৯৩/২০১৯ (U/S 147/148/336/427), ২৯৬/২০১৯ (U/S 147/436) আৰু ৩০৭/২০১৯ (U/S 436/427)

ইয়াৰে এটা চাবুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয় জ্বলোৱা,এটা UBI বেংক জ্বলোৱা আৰু এটা ডাকঘৰ জ্বলোৱাৰ অভিযোগত ৰুজু কৰা হৈছে।

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলনৰ মাজতে যোৱা ১২ ডিচেম্বৰত আৰক্ষীয়ে অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পাছতে NIAই অখিল গগৈক দেশদ্ৰোহিতা আৰু বে-আইনী কাৰ্য্যকলাপৰ গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল।

Related News