NORTHEAST NOW (Assamese)

জল্পনা-কল্পনাৰ পৰিল ওৰ, নিৰ্বাচিত হ’ল পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী

September 19, 2021 6:18 pm · এন ই নাও নিউজ

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অমৰিন্দ্ৰৰ সিঙে পদত্যাগ কৰাৰ এদিন পিছত আজি কংগ্ৰেছ দলে চৰণজিত সিং চন্নীৰ নাম পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

উল্লেখযোগ্য যে, তেওঁ পঞ্জাৱৰ প্ৰথমজন দলিত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পঞ্জাৱ কংগ্ৰেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱাটে টুইটাৰ যোগেদি আজি চৰণজিত সিং চন্নীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

চৰণজিত সিং চন্নী পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত বিপক্ষ দলৰ নেতা হিচাপে মনোনীত হৈছিল। তেওঁ ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে,চৰণজিত সিং চন্নী অমৰিন্দ্ৰৰ সিঙৰ বিৰুদ্ধাচাৰণ কৰা বিধায়ক সকলৰ অন্যতম এজন আছিল।

ইয়াৰ পূৰ্বে পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সুখজিন্দৰ সিঙ আৰু সুনীল জখৰৰ নামো চৰ্চালৈ আহিছিল যদিও কংগ্ৰেছ দলে অৱশেষত চৰণজিত সিং চন্নীক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰে।

Related News