NORTHEAST NOW (Assamese)

চকু খোল খাব আপোনাৰ : জানি লওঁক চাণক্যই কোৱা এই কেইটা কথা

June 8, 2023 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 7, 2023 8:21 pm

আচাৰ্য চাণক্য পৌৰাণিক ভাৰতৰ শ্ৰেষ্ঠ দাৰ্শনিক সকলৰ অন্যতম। মানৱ জীৱনৰ লগত সংপৃক্ত বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰি গৈছে চাণক্যই। এগৰাকী ব্যক্তিয়ে নিজৰ সুখকৰ জীৱনৰ বাবে চাণক্যৰ এই পৰামৰ্শসমূহ অনুসৰণ কৰিলে উপকৃত হ’ব পাৰে। জানি লওঁ আহকচোন চাণক্যই কৈ যোৱা কেইটামান মূল্যৱান কথা – 

  • বিষৰ পৰা সুধা, লেতেৰা ঠাইৰ পৰা সোণ, নিম্ন শ্ৰেণীৰ পৰা জ্ঞান আৰু নিম্ন পৰিয়ালৰ পৰা সুপত্নী – এইবোৰ লোৱাটো উপযুক্ত।
  • মনৰ কামনাবোৰ নাইকিয়া হ’ব নালাগে। এই কামনাবোৰক গীতৰ গুণগুণনিৰ দৰে ব্যৱহাৰ কৰিব লাগে।
  • ৰাতিৰ ভূষণ চন্দ্ৰ, নাৰীৰ ভূষণ স্বামী, পৃথিবীৰ ভূষণ ৰজা, কিন্তু সকলোৰে ভূষণ বিদ্যা।
  • যি ইন্দ্ৰিয়ৰ অধীন, তেওঁৰ চতুৰ্ভুজ সৈন্য থাকিলেও ধ্বংস হয়।
  • এজোপা গছে যেনেকৈ গোটেই অৰণ্য জ্বলাই ছাই কৰি পেলাব পাৰে, ঠিক তেনেকৈয়ে এটা দুষ্ট পুত্ৰই এটা সম্পূৰ্ণ পৰিয়াল ধ্বংস কৰিব পাৰে।
  • এজন বিদ্বান পুৰুষে যদি কোনো মূৰ্খ ব্যক্তিক উপদেশ দিয়ে বা দুষ্ট পত্নীৰ ৰক্ষণাবেক্ষণত লিপ্ত হয় বা কোনো দুৰ্ভগীয়া ব্যক্তিৰ সৈতে দৈনিক যৌন সম্পৰ্ক স্থাপন কৰে তেন্তেও তেওঁ বহুত কষ্টৰ সন্মুখীন হ’ব পাৰে।
  • হাতীৰ পৰা হাজাৰ হাত, ঘোঁৰাৰ পৰা এশ হাত, শিং থকা জন্তুৰ পৰা দহ হাত আঁতৰত থাকক। আৰু বেয়া মানুহৰ পৰা যিমান পাৰি সিমান আঁতৰি থাকক।
  • যিসকল ছাত্ৰ-ছাত্ৰীয়ে দিনটোৰ বেছিভাগ সময় টোপনি যায় আৰু প্ৰয়োজনতকৈ বেছি শুবলৈ পছন্দ কৰে, তেওঁলোকে জীৱনত সফল হোৱাৰ সম্ভাৱনা কম আৰু বেছিভাগ কাম সঠিকভাৱে কৰিব নোৱাৰে।

Related News