NORTHEAST NOW (Assamese)

চাণক্য নীতি: এই দুই লক্ষণ কৰক পৰিহাৰ, নহ’লে থানবান হ’ব সংসাৰ

July 7, 2023 7:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 7, 2023 12:10 am

ভাৰতীয় সমাজ-সংস্কৃতিত আচাৰ্য চাণক্য সদা অনুকৰণীয় হৈ আহিছে। মানৱ জীৱনৰ সৈতে সংপৃক্ত বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰি গৈছে আচাৰ্য চাণক্যই। এই দিশসমূহৰ নানা সমস্যা আৰু এই সমস্যা সমাধানৰো মন্ত্ৰ চাণক্যই দি গৈছে। চাণক্যৰ এই মন্ত্ৰ সাৰোগত কৰি সুফল লাভ কৰিছে তেওঁৰ অনুগতসকলে।

চাণক্যই প্ৰেম তথা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো বিস্তৰ আলোচনা আগবঢ়াই গৈছে। প্ৰেম তথা বৈবাহিক সম্পৰ্কত আহি পৰা বাধা আৰু এই বাধাসমূহ খণ্ডন কৰি সম্পৰ্ক এটি মধুৰ কৰি তোলাৰ বাবে চাণক্যই আগবঢ়াই যোৱা পৰামৰ্শ যথেষ্ট ফলপ্ৰসূ।

আচাৰ্য চাণক্যই স্বামী-স্ত্ৰীৰ সংসাৰলৈ ভেটা নমাই আনিব পৰা দুই বিশেষ অভ্যাসৰ পৰা দূৰতে বিদুৰ হ’বলৈ উপদেশ দিছে। চাওঁ আহক, কি এই দুই বিপদসংকুল অভ্যাস-

খং: কোৱা হয়, খং মানুহৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। খং নামৰ এই আহুকালৰ বাবেই মানুহে জীৱনত অনাহক কিছু বিপদৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে আচাৰ্য চাণক্যই কৈছে, যদি আপুনি বিবাহিত জীৱনত সুখ পাব বিচাৰে, তেন্তে কেতিয়াও খং নকৰিব।

খং উঠিলে স্বামী-স্ত্ৰীৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰে। বৈবাহিক জীৱনত যদি কিবা এটা কথাত খং উঠে, তেতিয়া নিজকে শান্ত কৰি লওক আৰু তাৰ পিছত সংগীৰ লগত বহি শান্তিৰে কথা পাতক।

প্ৰৱঞ্চনা: কোনো সম্পৰ্কত প্ৰতাৰণাৰ স্থান নাথাকে। গতিকে স্বাভাৱিকতেই পতি-পত্নীৰ সম্পৰ্কত প্ৰতাৰণা নামৰ এই শব্দটো নিলগতে থকা উচিত। প্ৰতাৰণাই পৰস্পৰৰ ওপৰত থকা আস্থা আৰু বিশ্বাসক সাঁচ বহি যোৱাকৈ কুঠাৰাঘাট কৰে।

দুগৰাকী মানুহে পাৰস্পৰিক বিশ্বাসৰ ভেটিতহে জীৱনটো একেলগে কটোৱাৰ সিদ্ধান্ত লয়। এনে পৰিস্থিতিত যদি সম্পৰ্কত বিশ্বাসঘাতকতা হয়, তেন্তে সেই সম্পৰ্ক শেষ হ’বলৈ বেছি সময় নালাগে।

সেয়ে আচাৰ্য চাণক্যই কৈছে যে কেৱল প্ৰেম আৰু বিশ্বাসেহে স্বামী-স্ত্ৰীৰ সম্পৰ্ক মজবুত কৰে। আনহাতে প্ৰতাৰণাৰ বাবে এই সম্পৰ্ক তৎক্ষণাত থানবান হৈ পৰে।

Related News