NORTHEAST NOW (Assamese)

হিন্দুস্তানী শাস্ত্ৰীয় গায়ক ছন্নুলাল মিশ্ৰৰ মৃত্যু

October 2, 2025 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী

হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ পণ্ডিত তথা পদ্ম বিভূষণৰ দ্বাৰা বিভূষিত সংগীতজ্ঞ ছন্নুলাল মিশ্ৰৰ বৃহস্পতিবাৰে পুৱা (২ অক্টোবৰ) মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

ছন্নুলাল মিশ্ৰৰ কন্যাই কয় যে দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মিশ্ৰই পুৱা প্ৰায় ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিনৰ পৰা সৰু কন্যাৰ পৰিয়ালৰ সৈতে মিৰ্জাপুৰত বাস কৰিছিল কণ্ঠশিল্পীগৰাকী।

তেওঁৰ কন্যা নম্ৰতা মিশ্ৰই পিটিআইক জনোৱা মতে, ‘বাৰ্ধক্যজনিত কাৰণত যোৱা ১৭-১৮ দিন ধৰি তেখেত চিকিৎসালয়ত ভৰ্তি হৈ আছিল।আজি পুৱা প্ৰায় ৪ বজাত ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিশ্ৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিবেশ্যমান কলালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কণ্ঠশিল্পীগৰাকীৰ ভূয়সী প্ৰশংসা কৰে।

ঊনৈশ শ ছয়ত্ৰিশ চনত আজমগড়ত জন্মগ্ৰহণ কৰা মিশ্ৰই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ খয়াল, থুমৰি, দাদৰা, চৈয়তি, কাজৰী, ভজন আদি গীতিশৈলীৰ চৰ্চা কৰিছিল।

মিশ্ৰই তেওঁৰ পিতৃ বদ্ৰী প্ৰসাদ মিশ্ৰই সাংগীতিক শিক্ষা গ্ৰহণ কৰা কিৰানা ঘৰৰ ওস্তাদ আব্দুল ঘনী খান, আৰু ঠাকুৰ জয়দেৱ সিঙৰ পৰা সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল।

মিশ্ৰই ভাৰতীয় সংগীতৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ বাবে ২০২০ চনত পদ্ম বিভূষণ আৰু ২০১০ চনত পদ্ম ভূষণ লাভ কৰে।

মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী কন্যা আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।উল্লেখ্য যে চাৰি বছৰ পূৰ্বে তেওঁৰ পত্নী আৰু এগৰাকী কন্যাৰ মৃত্যু হৈছিল।

Related News