NORTHEAST NOW (Assamese)

ছত্তীসগড় উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: নাৰীৰ কুমাৰীত্ব পৰীক্ষা অসাংবিধানিক

March 29, 2025 6:23 pm · এন ই নাও নিউজ, গুৱাহাটী

ছত্তীসগড় উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় দান!  নাৰীৰ কুমাৰীত্ব পৰীক্ষা কৰা অসাংবিধানিক বুলি ঘোষণা ছত্তীসগড় উচ্চ ন্যায়ালয়ৰ। বিচাৰপতি অৰবিন্দ কুমাৰ বৰ্মাই এই গোচৰত স্পষ্ট কৰি কয় যে কোনো নাৰীক তেওঁৰ সতীত্ব প্ৰমাণৰ বাবে বাধ্য কৰিব নোৱাৰি আৰু ই ভাৰতীয় সংবিধানৰ ২১ নং ধাৰাক লংঘন কৰে।

এজন স্বামীয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ অনুসৰি তেওঁপত্নীয়ে সন্তান জন্ম দিয়াত অক্ষম বুলি অভিযোগ কৰিছিল। আৰু পত্নীৰ চৰিত্ৰ সন্দেহ কৰি তেওঁৰ ুমাৰীত্ব পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ত  আবেদন কৰিছিল

আদালতে এই দাবী খাৰিজ কৰি কয় যে কোনো নাৰীক তেওঁৰ ব্যক্তিগত সম্মান আৰু গোপনীয়তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। কুমাৰীত্ব পৰীক্ষাৰ দাবী নাৰীৰ মৌলিক অধিকাৰৰ লংঘন বুলি উল্লেখ কৰে।

এই ৰায়ে নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত এক নতুন নজিৰ স্থাপন কৰিলে। এই সিদ্ধান্ত ভৱিষ্যত নাৰীৰ বিৰুদ্ধে হোৱা যৌন বৈষম্যমূলক প্ৰথা ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা ল বুলি আশা প্ৰকাশ  কৰিছে আইনজ্ঞসকল

Related News