NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ; আক্ৰান্ত আন এগৰাকী নিৰ্বাচনী আয়ুক্তও

April 20, 2021 12:20 pm · এন ই নাও নিউজ
Updated: April 20, 2021 12:27 pm
দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ।

দেশত এতিয়া কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ ঘটিছে। ৰাজনীতিকৰ পৰা চেলিব্ৰেটিলৈকে কোনো হাত সাৰি যোৱা নাই।

কৰ’না মহামাৰীৰ পৰিস্থিতিৰ মাজতে নিৰ্বাচনৰ দায়িত্বত থকা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰৰ দেহতো কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

আনহাতে, আন এগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰো কোভিড-১৯ পজিটিভ ধৰা পৰিছে। মঙলবাৰে এই কথা জানিব পৰা গৈছে।

যোৱা ১৩ এপ্ৰিলত সুনীল আৰোৰাৰ স্থানত দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্হণ কৰিছিল।

জানিব পৰা মতে, সেই সময়তে তেওঁৰ দেহত কৰ’নাৰ সংক্ৰমণ পোৱা গৈছিল আৰু তাৰ বাবে ঘৰত বহিয়েই তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল।

মঙলবাৰে নিৰ্বাচন আয়োগৰ পৰা চৰকাৰীভাৱে সুশীল চন্দ্ৰ কৰ’না আক্ৰান্ত হোৱাৰ খৱৰ সদৰী কৰা হৈছে। সেইদৰে নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰো কৰ’নাত আক্ৰান্ত হৈছে।  জুয়োগৰাকীয়ে বৰ্তমান ঘৰৰ পৰা কামকাজ চলাই আছে।

উল্লেখ্য যে পশ্চিমবংগত এতিয়াও তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে। সূচী অনুসৰি, অহা ২২, ২৬ আৰু ২৯ এপ্ৰিলত এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

স্বাভাৱিকতেই এনে পৰিস্থিতিত দুটা গুৰুত্বপূৰ্ণ পদত থকা ব্যক্তি দুগৰাকী কৰ’নাত আক্ৰান্ত হোৱাত উদ্বেগ বৃদ্ধি পাইছে।

Related News