সামাজিক মাধ্যমত বৰ্ণবিদ্বেষী পোষ্টঃ ক্ষমা খুজিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰত ভগৱৎ গীতাৰ এটা শ্লোকৰ উদ্ধৃতিৰে বৰ্ণবিদ্বেষৰ পোষকতা কৰি নিন্দিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল।
এক টুইট যোগে হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পোষ্টটোৰ বাবে ক্ষমা খোজে। টুইটটোত তেওঁ কয় যে নিজৰ সামাজিক মাধ্যমৰ হেণ্ডেলত তেওঁ প্ৰতি ৰাতিপুৱা ভগৱৎ গীতাৰ এটা শ্লোক আপলোড কৰে।
এইদৰে এতিয়ালৈকে তেওঁ ৬৬৮ টা শ্লোক পোষ্ট কৰিছে বুলি ডাঃ শৰ্মাই উল্লেখ কৰে। তেওঁ দাবী কৰা মতে, শেহতীয়াকৈ বিতৰ্ক সৃষ্টি কৰা শ্লোকটো দলৰ এজন সদস্যই অশুদ্ধ অনুবাদেৰে পোষ্ট কৰিছিল।
ভুল প্ৰত্যক্ষ কৰাৰ লগে লগে পোষ্টটো ডিলিট কৰা হয় বুলি তেওঁ লগতে উল্লেখ কৰে। লগতে পোষ্টটোৱে যদি কোনো লোকক আঘাত কৰিছে, তাৰ বাবে আন্তৰিকতাৰে ক্ষমা বিচাৰোঁ বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
As a routine I upload one sloka of Bhagavad Gita every morning on my social media handles. Till date, I have posted 668 slokas.
Recently one of my team members posted a sloka from Chapter 18 verse 44 with an incorrect translation.
As soon as I noticed the mistake, I promptly…
— Himanta Biswa Sarma (@himantabiswa) December 28, 2023
উল্লেখ্য যে যোৱা মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰেই সামাজিক মাধ্যমত পোষ্ট কৰিছিল গীতাৰ এক শ্লোক। এই পোষ্টটোৰে হিমন্ত বিশ্ব শৰ্মাই পৰোক্ষভাৱে সমৰ্থন যোগাইছিল বৰ্ণবিদ্বেষক।
বৈশ্য আৰু শূদ্ৰৰ শ্ৰম বিভাজনৰ পোষকতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতে এতিয়া চাৰিওফালে সমালোচনাৰ জোৱাৰ উঠিছে।
পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ। সেই অনুসৰি কৃষিকৰ্ম, গো-পালন, বাণিজ্য আদি বৈশ্যৰ স্বাভাৱিক কৰ্ম হিচাপে উল্লেখ কৰা হৈছে।
আনহাতে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰুষা কৰাই শূদ্ৰৰ স্বাভাৱিক কৰ্ম হিচাপে পোষ্টটোত উল্লেখ কৰা হৈছিল। কিন্তু এই পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ।
সমালোচনা আৰু কৰ্কথনা সহ্য কৰিব নোৱাৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ হেণ্ডলৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ’ল উক্ত পোষ্ট।
পোষ্ট ডিলিট কৰিলেও কিন্তু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মনুবাদী স্বভাৱ, ব্ৰাহ্মণ্যবাদী চেতনা আৰু চিন্তা ধাৰা প্ৰকট হৈ পৰা বুলি তীব্ৰ সমালোচনা কৰিছে সচেতন লোকসকলে।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰিছে বিভিন্নজনে। এক সাংবিধানিক পদত থকাৰ পিছতো ধৰ্মগ্ৰন্থৰ সহায় লৈ হিমন্ত বিশ্ব শৰ্মাই এলান্ধুকলীয়া নীতিৰে সমাজত বৰ্ণবিদ্বেষৰ প্ৰচাৰ কৰা বুলি অভিযোগ উঠিছে।
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক আৰু টুইটাৰ যোগে প্ৰাচীন বৰ্ণ ব্যৱস্থা প্ৰচাৰ কৰিছে বুলি অভিযোগ কৰে।
হিমন্ত বিশ্ব শৰ্মাই ব্ৰাক্ষণ্যবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰিছে আৰু ই বিজেপি-আৰএছএছৰ “হিন্দুৰাষ্ট্ৰ”ৰ আচল চৰিত্ৰ দেখুৱাই দিছে বুলি গগৈয়ে কয়।
ৰাষ্ট্ৰীয় স্তৰতো তীব্ৰ কৰ্কথনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যৰ বিষয়ে নৰ্থইষ্ট নাওত প্ৰকাশ পাইছিল বাতৰি।
এই বাতৰিৰ আধাৰত দেশৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট আইনজীৱি প্ৰশান্ত ভূষণে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। প্ৰশান্ত ভূষণে এনে কাৰ্যক মধ্যযুগীয়া মানসিকতা আখ্যা দি সমালোচনা কৰে।
নৰ্থইষ্ট নাওৰ প্ৰতিবেদন ৰিটুইট কৰি প্ৰশান্ত ভূষণে কয়,“এয়া হৈছে বিজেপি/আৰএছএছৰ মধ্যযুগীয়া মানসিকতা। মনুস্মৃতিৰ সম্পূৰ্ণ অনুসৰণ!”
আনহাতে কংগ্ৰেছ নেতা পৱন খেৰায়ো নৰ্থইষ্ট নাওৰ প্ৰতিবেদন ৰিটুইট কৰি কয়,“ইয়াৰ পিছত যদি আপুনি তেওঁক কিবা কয়, তেওঁ তেওঁৰ আৰক্ষীক পঠিয়াব। কিন্তু এনে ধৰণৰ মূৰ্খ মন্তব্যক উপেক্ষা কৰিব নোৱাৰি।”
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলক টেগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ এনে বৰ্ণবাদী মন্তব্যৰ সৈতে সন্মত নেকি বুলি প্ৰশ্ন কৰে।