NORTHEAST NOW (Assamese)

শ্ৰী শ্ৰী চিপহা সত্ৰৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ মহন্তৰ বিয়োগত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

October 27, 2020 4:36 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি

শ্ৰী শ্ৰী চিপহা সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ নাথ মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক শোকবাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত দেৱেন্দ্ৰ নাথ মহন্তই আমাৰ আধ্যাত্মিক জীৱনধাৰৰ লগতে শিক্ষা আৰু সমাজ জীৱনলৈ যি বৰঙনি আগবঢ়াই গ’ল সেয়া অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

শ্ৰী শ্ৰী চিপহা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই গৈছে।

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি অঞ্চলটোৰ বিদ্যায়তনিক দিশৰ উন্নয়নৰ বাবে তেখেতে যথেষ্ট বৰঙণি আগবঢ়াই গৈছে।

৯০ বছৰীয়া জীৱনকালত কলিয়াবৰ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকি সেই অনুষ্ঠানসমূহৰ উত্তৰণৰ দিশতো তেখেতে বিশিষ্ট বৰঙণি যোগাই গৈছে।

এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰীয়ে প্ৰয়াত দেৱেন্দ্ৰ নাথ মহন্তৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News