NORTHEAST NOW (Assamese)
অসম

১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ ৰাজ্য চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 5:57 pm
Story-6-7-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ সভাকক্ষত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়।

বৈঠকত অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত ডিচেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ কৰে আৰু তেতিয়ালৈ বিটিচিত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ আহ্বান জনায়।

বৈঠকত অসমৰ বিভিন্ন গোশালালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত লোৱা হয় যাতে গোশালাত থকা গৰু বোৰৰ খাদ্যৰ যোগানৰ ক্ষেত্ৰত গোপালক সকলৰ সহায় হয়।

তদুপৰি গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰো বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মাজুলীত নিৰ্মাণ হ’বলগীয়া দলঙত ব্যৱহাৰ কৰিবলগীয়া বালি, ষ্টিল, বিটুমিন আদিয়ো ৰাজ্যিক জি এছ টি আৰু স্থানীয় কৰৰ পৰা সংগ্ৰহ কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত লয়।

মাজুলীত দলং নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ আদিৰ ক্ষেত্ৰতো অসম চৰকাৰে সকলো খৰচ বহন কৰিব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হয়।