NORTHEAST NOW (Assamese)

আন্দোলনৰ প্ৰভাৱ নে মুখ্যমন্ত্ৰীৰ পাব্লিচিটি ষ্টাণ্ট? দীঘলীপুখুৰীৰ গছ কটাৰ পৰিৱৰ্তে উৰণ সেতু নিৰ্মাণৰ বিকল্প সন্ধানৰ নিৰ্দেশ হিমন্তৰ

October 30, 2024 11:01 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 30, 2024 11:49 am

আন্দোলনৰ প্ৰভাৱ নে চৰ্চাত থাকি ভালপোৱা মুখ্যমন্ত্ৰীৰ আন এটা পাব্লিচিটি ষ্টাণ্ট? শেহতীয়াকৈ দীঘলীপুখুৰী অঞ্চলৰ আশে-পাশে থকা প্ৰাচীন গছবোৰক সুৰক্ষা দিয়াৰ বাবে জনসাধাৰণৰ তীব্ৰ আহ্বানৰ পাছতে বিকল্প বিচাৰি উলিওৱাৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ লগতে আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ লগতে কয়, ‘দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণীয়া সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছোঁ।’

মুখ্যমন্ত্ৰীয়ে আৰু কয়, “মই সকলো পক্ষক আহ্বান জনাইছো যে লোক নিৰ্মাণ বিভাগক বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰিবলৈ কেইদিনমান সময় দিব লাগে।”

উল্লেখ্য যে, নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ ছয় মাইল দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ স্বাৰ্থত জিএমচিয়ে এই প্ৰাচীন গছবোৰ কাটি পেলোৱাৰ কথা আছিল। অৱশ্যে জনতাৰ ক্ষোভৰ পাত এই পদক্ষেপত লোৱা পৰিলক্ষিত হোৱা নাই৷

Related News