NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত হৃদয়বিদাৰক ঘটনা! ভূমিস্খলনত শুই থকা দুবছৰীয়া শিশুৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2024 4:58 pm

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ লালগণেশত। ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। ভূমিস্খলনৰ বাবে শুই থকা অৱস্থাতে দুবছৰীয়া শিশুটিয়ে মৃত্যুক আকোঁৱালি লয়।

লালগণেশৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ সময়ত ঘৰৰ ভিতৰত শুই আছিল শিশুটি। ঘটনাস্থলীৰ কাষতে চলি আছিল নিৰ্মাণকাৰ্য।

শেহতীয়াকৈ দুদিনমান ধৰি হোৱা বৰষুণৰ ফলত খহি পৰে ঘৰৰ কাষৰ দেৱাল। দেৱালে হেঁচা মাৰি ধৰে ঘৰটো। যাৰ ফলত মৃত্যুক আঁকোৱালি লয় শিশুটিয়ে। মৃত শিশুটিৰ পিতৃৰ নাম আছিল দিলীপ দাস৷