NORTHEAST NOW (Assamese)

সীমান্তত যুদ্ধৰ দামামা! LAC ত গুলীয়াগুলিৰ ঘটনাই উত্তপ্ত কৰি তুলিছে পৰিস্থিতি

September 8, 2020 8:14 am · এন ই নাও নিউজ

ভাৰত-চীন সীমান্তত সঁচাকৈয়ে কি যুদ্ধৰ পৰিৱেশ সৃষ্টি হৈছে? প্ৰকৃততে, এলএচিৰ পৰিস্থতিক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰত আৰু চীনৰ সেনাৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

চৰকাৰী সূত্ৰই অৱশ্যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰনাধীন বুলি জানিব দিছে।

চীনে দাবী কৰিছে যে ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি গুলীচালনা কৰিছে। চীনৰ দাবী যে ৱাৰ্ণং শ্বট হিচাপে সেই গুলীচালনা কৰা হৈছে।

বিগত তিনিমাহ ধৰি এলএচি সীমান্তত উত্তেজনা অব্যাহত আছে।

সামৰিক তথা কূটনৈতিক পৰ্যায়ত দুয়োপক্ষই পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ কথা কৈছে যদিও বাস্তৱত সেয়া হৈ উঠা নাই।

ইয়াৰ বিপৰীতে এলএচিত গুলীচালনাৰ ঘটনাহে সংঘটিত হ’ল।

১৯৭৫চনৰ পাছত প্ৰথমবাৰৰ বাবে এইদৰে ভাৰত-চীন সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সম্পূৰ্ণ ৪৫ বছৰৰ পাছত এইদৰে এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তত।

চীনে দাবী কৰা মতে ভাৰতৰ গুলীচালনাৰ পাছত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে চীনৰ সেনা। অৱশ্যে সেই প্ৰত্যুত্তৰ কি হ’ব সেয়া স্পষ্ট হোৱা নাই।

ভাৰত আৰু চীনৰ মাজত পূব লাডাখ সীমান্তৰ এই সংঘাত ক্ৰমে গভীৰ হৈ পৰিছে। চীনে এটাৰ পাছত আন এটা উচটনিমূলক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।

বাৰে বাৰে বৈঠক সফল নোহোৱাৰ লগতে চীনৰ সেনাই সীমান্তৰ কাষত অৱস্থান কৰি প্ৰৰোচনামূলক কাৰ্যতহে লিপ্ত হৈছে।

ভাৰতৰ হাজাৰ প্ৰচেষ্টাৰ পাছতো চীনে যুদ্ধৰ পৰিৱেশ ৰচনা কৰাৰ বাবে যেন উদ্যত হৈ পৰিছে। সীমান্তৰ পৰিস্থিতিয়ে তাৰেই ইংগিত বহন কৰিছে বুলি বিভিন্ন মহলে ব্যক্ত কৰিছে।

Related News