NORTHEAST NOW (Assamese)

বহুদূৰ আগুৱাই গ’ল চীন! বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপত বিমান বন্দৰ নিৰ্মাণ কৰিছে চীনে

December 20, 2024 9:06 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 20, 2024 9:07 pm

চীনে উত্তৰ-পূব উপকূলৰ ওচৰত নিৰ্মাণ কৰিছিল বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। বৰ্তমানৰ উক্ৰ দ্বীপত বিমানবন্দৰ নিৰ্মাণ কৰি আছে দেশখনে।

জানিব পৰা মতে, নতুন বিমানবন্দৰটোৰ নাম ডালিয়ান ঝেংঝৌ বে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

২০ বৰ্গ কিলোমিটাৰ (৭.৭ বৰ্গমাইল) এলেকাত বিস্তৃত হব এই বিমানবন্দৰ। ইয়াত চাৰিটা ৰাণৱে আৰু প্ৰায় ৯ লাখ বৰ্গমিটাৰ এলেকাৰ এটা যাত্ৰীবাহী টাৰ্মিনেল থাকিব।

চীনা কৰ্তৃপক্ষৰ পৰিকল্পনা অনুসৰি বছৰি ৮ কোটি যাত্ৰীক সেৱা আগবঢ়োৱাৰ লগতে ৫ লাখ ৪০ হাজাৰ বিমান চলাচল কৰিব এই বিমান বন্দৰৰ পৰা। ২০৩৫ চনৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হব বিমান বন্দৰটোৰ।

যদি এই বিমানবন্দৰটো নিৰ্মাণ সম্পূৰ্ণ হয় তেন্তে ই হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু জাপানৰ কানছাই বিমানবন্দৰক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ বিমানবন্দৰ হিচাপে পৰিগণিত হব।

Related News