NORTHEAST NOW (Assamese)

ম্যানমাৰৰ কুখ্যাত মাফিয়া সদস্যক চীনত মৃত্যুদণ্ড: আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী নেটৱৰ্কলৈ কঠোৰ সতৰ্কবাণী

November 5, 2025 8:15 pm · নৰ্থ ইষ্ট নাও অসমীয়া

চীনৰ শ্বেনজেন ইণ্টাৰমিডিয়েট পিপলছ কোৰ্টে ম্যানমাৰৰ কুখ্যাত চাইবাৰ কেলেংকাৰী চক্ৰৰ মুৰব্বী বাই ছুওচেং আৰু তেওঁৰ পুত্ৰ বাই ইংকাংসহ মুঠ পাঁচজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। চীনৰ কৰ্তৃপক্ষই দক্ষিণ-পূব এছিয়াৰ অপৰাধমূলক নেটৱৰ্কসমূহ নিৰ্মূল কৰিবলৈ চলোৱা বৃহৎ অভিযানৰ অংশ হিচাপে এই কঠোৰ শাস্তি দিয়া হৈছে।

মৃত্যুদণ্ড দিয়া আন তিনিজন অপৰাধী হ’ল ইয়াং লিকিয়াং, হু জিয়াওজিয়াং, আৰু চেন গুৱাংয়ী। বাই পৰিয়ালৰ আন দুজন সদস্যক নিলম্বিত মৃত্যুদণ্ড প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ৫ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ বিপৰীতে আন ৯ জনক তিনিৰ পৰা ২০ বছৰলৈকে কাৰাদণ্ড বিহা হয়।

কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বাই পৰিয়ালে তেওঁলোকৰ চাইবাৰ কেলেংকাৰীৰ লগতে কেচিনো পৰিচালনাৰ বাবে ৪১টা চৌহদ স্থাপন কৰিছিল। এই ভয়ংকৰ অপৰাধমূলক কাৰ্যকলাপসমূহৰ লগত ২৯ বিলিয়নতকৈ অধিক চীনা ইউয়ানৰ লেনদেন জড়িত হৈ আছে।

এই কঠোৰ শাস্তি প্ৰদানৰ জৰিয়তে চীনে দক্ষিণ-পূব এছিয়াৰ বিশাল কেলেংকাৰীৰ নেটৱৰ্কসমূহ নিৰ্মূল কৰাৰ বাবে নিজৰ সংকল্প দোহাৰিছে আৰু অন্যান্য অপৰাধমূলক ছিণ্ডিকেটসমূহলৈ এক স্পষ্ট আৰু কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে। স্মৰ্তব্য যে ছেপ্টেম্বৰ মাহত চীনৰ আদালতে আন এটা লাউক্কাইং বংশ – মিং পৰিয়ালৰো ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

Related News