NORTHEAST NOW (Assamese)

ভূটানৰ ভূমিখণ্ডৰ ২ কিলোমিটাৰ ভিতৰত চীনে স্থাপন কৰিছে গাওঁ

November 20, 2020 11:08 am · এন ই নাও নিউজ
ভূটানৰ ভিতৰত চীনে স্থাপন কৰিছে গাওঁ।

সদায় সীমা সম্প্ৰসাৰণৰ লক্ষ্য আগত ৰখা চীনে এইবাৰ ভূটানৰ ভূমিখণ্ডৰ ২ কিলোমিটাৰ ভিতৰত স্থাপন কৰিছে এখন গাঁও।

শুকুৰবাৰে এনডিটিভত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰিছে যে ২০১৭চনত চীনা আৰু ভাৰতীয় সেনাৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱা ‘ডোকলামৰ একবাৰে কাষতে’ চীনে এখন গাওঁ স্থাপন কৰিছে।

চীনৰ সংবাদমাধ্যমৰ আঁত ধৰি এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো টুইটাৰত প’ষ্ট কৰি এনডিটিভিয়ে ভূটানৰ ভূমিখণ্ডৰ ভিতৰত চীনা গাওঁ স্থাপনৰ বাতৰিটো পৰিৱেশন কৰিছে।

বাতৰিত কোৱা হৈছে যে  চিজিটিএন নিউজত কৰ্মৰত চীনা সাংবাদিক শ্বেন শ্বিৱেই বৃহস্পতিবাৰে পুৱা টুইটাৰত এই ফটো প্ৰকাশ কৰিছিল আৰু এই গাওঁ স্থাপনৰ স্থান সূচিত কৰিছিল।

কিন্তু চীনা সাংবাদিকজনে পাছত টুইটটো ডিলিট কৰি দিয়ে। এনডিটিভিৰ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে নতুন চীনা গাওঁখন ডোকলামৰ পৰা প্ৰায় ৯কিলোমিটাৰ আঁতৰত স্থাপন কৰা হৈছে।

যদিহে ভূটানৰ ভূমিখণ্ডত চীনৰ গাওঁ স্থাপনৰ বাতৰি সত্য হয়, তেতিয়াহ’লে ই ভাৰতীয় সেনাৰ বাবে অতিৰিক্ত মূৰৰ কামোৰণি হ’ব।

প্ৰকৃততে, সীমিত সৈন্যবল থকা ভূটানৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দায়িত্ব ভাৰতৰেই।

ভূটানৰ বৈদেশিক মন্ত্ৰ্যালয় কিম্বা প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে ইয়াৰ ভূমিখণ্ডৰ ভিতৰত চীনে গাওঁ স্থাপন কৰা সম্পৰ্কত কোনো বিবৃতি জাৰি কৰা নাই।

২০১৭ত ডোকলামত ভাৰত আৰু চীনৰ মাজত কেইবাদশকৰ ভিতৰত আটাইতকৈ  উত্তেজনাপূৰ্ণ সংঘৰ্ষমুখী পৰিস্থিতিৰ সৃষ্টি হৈছিল।

পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘটিত সংঘৰ্ষত ২০জন ভাৰতীয় সেনা নিহত হৈছিল আৰু চীনৰ পক্ষৰো বহু হাতাহত হৈছিল।

যদিও ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাতমুক্ত কৰাৰ বাবে এক তিনি তৰপীয়া পৰিকল্পনা সাজু কৰিছে, ভূটানৰ ভূমিখণ্ডৰ ২ কিলোমিটাৰ ভিতৰত নতুন গাঁও স্থাপনৰ ঘটনা সত্য হ’লে নিশ্চিতভাৱে পুনৰ সীমান্ত উত্তপ্ত হৈ পৰিব।

Related News