NORTHEAST NOW (Assamese)

প্ৰকৃতিক প্ৰত্যাহ্বান! সূৰ্যতকৈও দহ গুণ বেছি উত্তপ্ত কৃত্ৰিম সূৰ্য সাজি উলিয়ালে এইখন দেশে

December 6, 2020 10:42 am · এন ই নাও নিউজ

বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে  বিজ্ঞানীসকলে এনে বহু আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে যিবোৰে মানুহৰ জীৱন সহজ আৰু আৰামী কৰি তুলিছে।

বিজ্ঞানৰ বহু আৱিষ্কাৰে আকৌ প্ৰকৃতিকেই প্ৰত্যাহ্বান জনোৱাৰ উপক্ৰম ঘটাইছে।

প্ৰকৃতিক প্ৰত্যাহ্বান জনোৱা এনে আৱিষ্কাৰ কৰিছে চীনে।চীনে শেহতীয়াকৈ সাজি উলিয়াইছে এটা কৃত্ৰিম সূৰ্য।

লক্ষ্যণায় কথাটো হ’ল চীনে সাজি উলিওৱা কৃত্ৰিম সূ৪যৰ ক’ৰ’ণা অংশৰ তাপমাত্ৰা প্ৰকৃত সূৰ্যৰ ক’ৰ’ণা অংশতকৈ ১০ গুণ বেছি উষ্ণ।

চীনৰ  ছিচুৱান প্ৰদেশত থকা HL-2M Tokamak পাৰমাণৱিক কেন্দ্ৰত সৃষ্টি কৰা হৈছে এই কৃত্ৰিম সূৰ্য।

পাৰমাণৱিক শক্তিৰ সহায়ত সাজি উলিওৱা এই কৃত্ৰিম সূৰ্যৰ তাপমাত্ৰা হৈছে ১৫০ নিযুত ডিগ্ৰী চেলচিয়াছ।

পাৰমাণৱিক ফিউজনৰ মাধ্যমেৰে সৃষ্টি কৰা  এই কৃত্ৰিম সূৰ্যই প্ৰকৃত সূৰ্যৰ পৰিপূৰক হিচাবে কাম কৰিব পাৰিব বুলি আশা কৰা হৈছে।

২০০৬ চনৰ পৰাই চীনে কৃত্ৰিম সূৰ্য নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে। অৱশেষত দেশ খনে এই ক্ষেত্ৰত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে।

বিজ্ঞানীসকলৰ মতে এটা সময়ত সূৰ্যৰ শক্তি কমি আহিব আৰু সূৰ্যৰ মৃত্যুও ঘটিব।

তেতিয়াই হয়তো প্ৰয়োজন আহি পৰিব কৃত্ৰিম সূৰ্যৰ।

Related News