NORTHEAST NOW (Assamese)

নকল চাবি বনাই আনৰ ৮০ টা ফ্লেট বিক্ৰী! পাঁচ বছৰত ২৮ কোটি টকা ঘটি আৰক্ষীৰ জালত মহিলা

March 28, 2025 12:39 pm · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী ৩০ বছৰীয়া মহিলাই সন্মুখৰ মূল দুৱাৰৰ চাবি নকল কৰি ৮০টা ফ্লেট বিক্ৰী কৰি ২৮ কোটি টকাৰ প্ৰতাৰণা কৰে। চীনৰ গাছু প্ৰদেশৰ বাসিন্দা ৱাং ৱেইয়ে সম্পত্তিৰ ভুৱা নথি তৈয়াৰ কৰি ইটোৰ পিছত সিটোকৈ খালী ফ্লেট বিক্ৰী কৰিছিল।

মহিলাগৰাকীয়ে এই সম্পত্তিসমূহ অবৈধভাৱে বিক্ৰী কৰি পাঁচ বছৰৰ ভিতৰত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা ২৪ মিলিয়ন ইউয়ান (প্ৰায় ২৮ কোটি টকা) উপাৰ্জন কৰিছিল। এই প্ৰৱঞ্চনাৰ বিষয়ে যুৱতীগৰাকীৰ স্বামী আৰু পৰিয়ালৰ কোনো ধাৰণা নাছিল।

২০১৭ চনত চেং নামৰ এজন যুৱকৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বিবিধ খৰচৰ বাবে দম্পতীহালৰ ক্ৰেডিট কাৰ্ডৰ বিল অত্যধিক হৈ পৰে। চাউথ চাইনা মৰ্নিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ক্ৰেডিট কাৰ্ডৰ ঋণৰ বোজা হ্ৰাস কৰিবলৈ চেঙৰ পিতৃয়ে ৪.৫ লাখ ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৩ লাখ টকা)ৰ সুকীয়া ঋণ লৈছিল।

চেঙে কেইবাবছৰ ধৰি মিতব্যয়ীভাৱে জীৱন নিৰ্বাহ কৰি আহিছিল হোম লোন পৰিশোধ কৰিবলৈ। কিন্তু চেঙৰ কোনো ধাৰণা নাছিল যে তেওঁৰ পত্নীয়ে ২০১৯ চনৰ পৰা পৰিয়ালৰ সদস্যৰ সৈতে প্ৰতাৰণা কৰাৰ নিখুঁত জাল ৰচনা কৰি আহিছে। ৱাঙে ফটোশ্বপ ব্যৱহাৰ কৰি সম্পত্তিৰ নথি জাল কৰিছিল। ইয়াৰ পিছত ভুৱা নথি দেখুৱাই ৮০টা ফ্লেটৰ চাবি সলনি কৰে।

এজন তলা মিস্ত্ৰীয়ে কৈছিল যে যেতিয়াই ৱাঙে তেওঁৰ ওচৰলৈ আহে, তেতিয়াই তেওঁ তেওঁক চিচিটিভি কেমেৰাৰ পৰা আঁতৰাই ঘৰৰ চিৰিৰে ওপৰলৈ লৈ যায়। তেওঁ কয় যে ৱাঙে তেওঁক ঘৰৰ পৰা কাগজ-পত্ৰ আৰু নথি-পত্ৰ দেখুৱাইছিল আৰু সেইবোৰ তেওঁৰ বুলি দাবী কৰিছিল। গতিকে তেওঁ ৱাঙক সন্দেহ কৰাৰ কোনো কাৰণ নাছিল। সন্দেহৰ পৰা হাত সাৰিবলৈ ৱাঙে কেইবাজনো তলা মিস্ত্ৰী নিয়োগ কৰিছিল। প্ৰত্যেকেই কেইবাটাও ফ্লেটৰ তলা সলনি কৰিছিল।

সকলো চাবি পোৱাৰ পিছত ৱাঙে কম মূল্যত সম্পত্তিবোৰ বিক্ৰী কৰি দিয়ে। মহিলাগৰাকীয়ে ফ্লেটবোৰ ৪২জন আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীক ৬ লাখ ইউয়ানতকৈও কম মূল্যত বিক্ৰী কৰে।

শেহতীয়াকৈ তেওঁৰ এই প্ৰৱঞ্চনা ধৰা পৰিছে। এই গোটেই ঘটনাটোৰ বিষয়ে ৱাঙৰ স্বামী বা তেওঁৰ পৰিয়ালে একো নাজানিছিল। ৱাঙৰ কেলেংকাৰী ফাদিল হোৱাৰ পিছত দেখা গ’ল যে তেওঁৰ স্বামীয়ে এতিয়াও ঋণ পৰিশোধ কৰি আছে। প্ৰৱঞ্চনাৰ বাবে ৱাঙে আজীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও তেওঁৰ সম্পত্তিও জব্দ হ’ব পাৰে বুলি সংবাদ মাধ্যমক জনায় এজন অধিবক্তাই।

Related News