NORTHEAST NOW (Assamese)

ক’ৰ’ণাৰ পিছত এইবাৰ চীনত ব্লেক ডেথৰ আতংক

July 5, 2020 8:50 pm · এন ই নাও নিউজ
Updated: July 5, 2020 9:07 pm

 

সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল চীনৰ ওহান প্ৰদেশত।

চীনত ক’ৰ’ণা ভাইৰাছে কেইবা  হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত এইবাৰ ব্লেক ডেথ ৰুপে জনাজাত বুব’নিক প্লেগ ৰোগে দেশ খনত ত্ৰাসৰ সৃষ্টি কৰিছে।

চীনৰ অধীনস্থ ইনাৰ মংগোলিয়াত এজন লোক বুব’নিক প্লেগত আক্ৰান্ত হোৱাৰ পিছতে সষ্টম হৈ পৰিছে মংগোলিয়াৰ প্ৰশাসন।

ইনাৰ মংগোলিয়াৰ বায়ান নুৰ নামৰ চহৰ খনত শেহতীয়াকৈ বুব’নিক প্লেগত আক্ৰান্ত হৈছে এজন লোক।

ক’ৰ’ণা ভাইৰাছে কোঙা কৰি পেলোৱা চীনৰ চৰকাৰে বুব’নিক প্লেগৰ প্ৰাদুৰ্ভাব ঘটাৰ পিছতে ইনাৰ মংগোলিয়া অঞ্চলত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই মৰ্মে ইনাৰ মংগোলিয়া অঞ্চলত বন্য জীৱ-জন্তুৰ চিকাৰ নিষিদ্ধ কৰা হৈছে।

জীৱ-জন্তুৰ মাংস ভক্ষণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

উল্লেখ্য চীনত বিগত বৰ্ষৰ নবেম্বৰ মাহত ৪ জন লোক    বুব’নিক প্লেগত আক্ৰান্ত হৈছিল।

ইয়াৰে দুজন নিউম’নিক প্লেগত আক্ৰান্ত হৈছিল।

চীনত ২০০৯-২০১৮ চনৰ ভিতৰত  বুব’নিক প্লেগৰ ঘটনা ভালেখিনি হ্ৰাস পাইছে।

এই সময়ছোৱাত চীনত ২৬ জন লোক বুব’নিক প্লেগত  আক্ৰান্ত হৈছিল আৰু ইয়াৰে ১১ জনৰ মৃত্যু ঘটিছিল।মধ্যযুগৰে পৰা বুব’নিক প্লেগে চীন আৰু অন্যান্য প্ৰান্তত সময়ে সময়ে মহামাৰীৰ ৰুপ ধাৰণ কৰি আহিছে।

Related News