NORTHEAST NOW (Assamese)
Popular Stories

সংকটত কেৰিয়াৰ! শ্ৰীলংকাৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিছক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 8:56 pm

শ্ৰীলংকা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিছক এটা পথ দুৰ্ঘটনাত জড়িত থকাৰ অভিযোগত আজি শ্ৰীলংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ক্ৰিক ইনফ’ৰ বাতৰি মতে কুছল মেণ্ডিছে নিজৰ বাহনেৰে কলম্বোৰ উপনগৰ পনাদুৰাত এজন ৬৪ বছৰীয়া লোকক খুন্দিয়াইছিল।

ইয়াৰ পাছতে লোকজনক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত চিকিৎসালয়ত লোকজনৰ মৃত্যু ঘটে। আৰু এই অপৰাধতে আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন পনদুৰা অঞ্চলৰৰ নিবাসী। জানিব পৰা মতে মেণ্ডিছক অহা ৪৮ ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰোৱা হ’ব।

শ্ৰীলংকা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিজ ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হৈছিল আৰু তেওঁ লকডাউনৰ পিছত ১২ দিনীয়া অনুশীলনো আৰম্ভ কৰিছিল।

২৫ বছৰীয়া কুছল মেণ্ডিছে শ্ৰীলংকাৰ হৈ এই পৰ্যন্ত ৪৪ খন টেষ্ট আৰু ৭৬ খন এদিনীয়া মেচত অংশ লৈছে।

যদি এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ দুৰ্ঘটনাটোত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ অন্ত পৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।