NORTHEAST NOW (Assamese)

ভিক্টোৰিয়া মেম’ৰিয়েলৰ ওপৰত ড্ৰোণ উৰুৱা চীনা নাগৰিকক গ্ৰেপ্তাৰ

March 18, 2019 2:16 pm · এন ই নাও নিউজ
ভিক্টোৰিয়া মেম'ৰিয়েল।

কলকাতাত ভিক্টোৰিয়া মেম’ৰিয়েলৰ ওপৰত কেমেৰা লগোৱা ড্ৰোণ উৰুৱা আৰু ঐতিহাসিক বিশাল স্মাৰকটোৰ আকাশী আলোকচিত্ৰ লোৱাৰ অভিযোগত কলকাতা আৰক্ষীয়ে এগৰাকী চীনৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

এই মেম’ৰিয়েলটো ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় ফ’ৰ্ট উইলিয়মৰ সমীপতে অৱস্থিত।

শনিবাৰে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে (চিআইএছএফ) প্ৰথম প্ৰত্যক্ষ কৰা আৰু পাছত কলকাতা আৰক্ষীক গতাই দিয়া গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক লি জিৱেই বুলি চিনাক্ত কৰা হৈছে। অহা ২৫ মাৰ্চলৈকে তেওঁক আাৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

‘’চীনৰ শ্বেনজেন মহানগৰৰ এগৰাকী বাসিন্দা জিৱেই (৩৪)ক ভিক্টোৰিয়া মেম’ৰিয়েলৰ চৌহদৰ ভিতৰত কেমেৰা লগোৱা ড্ৰোণ উৰুৱাই থাকি এটা ৰিম’ট কন্ট্ৰোলেৰ সহায়ত তথা তেওঁৰ মোবাইলেৰে কোনো বৈধ অনুমতি অবিহনে বিভিন্ন দিশৰ পৰা মেম’ৰিয়েলৰ আলোকচিত্ৰ তুলি থাকোতে কৰ্তব্যৰত চিআইএছএফৰ বিষয়াসকলে হাতে লোটে ধৰে,’’-আৰক্ষীয়ে কয়।

তেওঁক শনিবাৰে সন্ধিয়া এটা মুগা বৰণীয়া ড্ৰোণ আৰু এটা ৰিম’ট কন্ট্ৰোলৰ সৈতে হাষ্টিংছ আৰক্ষী থানাক হস্তান্তৰ কৰা হয়।

‘’অসামৰিক পৰিবহন সঞ্চালকালয়ৰ (ডিজিচিএ) নিয়ম ভংগ কৰাৰ বাবে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গোটেই বিষয়টোৰ তদন্ত অব্যাহত আছে,’’-আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

Related News