NORTHEAST NOW (Assamese)
অসম

দেশৰ সেনা বাহিনীক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ চীনা ৰাষ্ট্ৰপতি ঝিনপিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 8:13 am

চীনা ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে দেশখনৰ সেনাবাহিনীক যুদ্ধ বাবে প্ৰস্তুত হৈ থকাৰ বাবে মঙলবাৰে নিৰ্দেশ দিছে।

এক বিশেষ বাৰ্তাত ৰাষ্ট্ৰপতি ঝিনপিঙে চীনা সৈন্যক প্ৰশিক্ষণ আৰু যুদ্ধৰ প্ৰস্তুতি বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ক’ৰ’না মহামাৰীয়ে চীনৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সৈন্য বাহিনীৰ প্ৰতি এই নিৰ্দেশ দিয়ে।

আনহাতে, চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে দেশৰ সৈন্য বাহিনীক মহামাৰীৰ সৈতে যুদ্ধৰ সময়ত নতুন নতুন ৰণকৌশল প্ৰস্তুত কৰাৰ বাবেও কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীক লৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ক্ৰমাৎ সম্পৰ্ক বেয়াৰ দিশে গতি কৰিছে।

চীনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰলিয়া, জাৰ্মানী, জাপান আদি দেশ একত্ৰিত হোৱা দেখা গৈছে।

যদিহে এই সময়ত কোনো এখন দেশে যুদ্ধ ঘোষণা কৰে তেন্তে সেই যুদ্ধ তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হ’ব পাৰে।