NORTHEAST NOW (Assamese)
অসম

বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্টে বলবলা-কৃষ্ণাইবাসীক মনত পেলাই দিছে ২০০৪ আৰু ২০১৪ চনৰ কথা

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 27, 2020 8:13 am

গোৱালপাৰা জিলাৰ বলবলা অঞ্চলত বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে ৰেড এলাৰ্ট ঘোষণা কৰাৰ লগে লগে জিলাখনৰ সাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে অহা ৪৮ ঘণ্টা অসম আৰু মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে গোৱালপাৰা জিলাত আৰম্ভ হৈছে বৃষ্টিপাত।

ইফালে জিলাখনৰ গাতে লাগি থকা মেঘালয় ৰাজ্যতো ধাৰাসাৰ বৰষুণ পৰি আছে।

উল্লেখযোগ্য যে, বিগত ২০০৪ চনৰ অক্টোবৰ মাহত প্ৰবল বা মাৰলী আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে মহাপ্লাৱনৰ সৃষ্টি কৰি বলবলা আৰু কৃষ্ণাইক মৃত্যুৰ উপত্যকালৈ পৰিণত কৰিছিল। শিয়াল-কুকুৰে খাইছিল মানুহৰ মৃত শৰীৰ।

ইয়াৰ পিছত পুনৰ ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত কৃষ্ণাই-বলবলা অঞ্চল দুটাত আহিছিল মহাপ্ৰলয়। মেঘালয়ৰ গাৰো পাহাৰত ডাৱৰ বিস্ফোৰণৰ জলস্ৰোতে নিমিষতে উছন কৰিছিল কৃষ্ণাই-বলবলা অঞ্চল। সৃষ্টি হৈছিল এক অকল্পনীয় ধ্বংসলীলা।

আজিও অঞ্চল দুটাৰ ৰাইজে পাহৰিব পৰা নাই সেই বিভীষিকাময় দৃশ্যবোৰ। এইবেলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণাই অঞ্চল দুটাৰ ৰাইজক আতংকিত কৰা পৰিলক্ষিত হৈছে।

এইবাৰো সেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি তাৰে ভয়ত কম্পমান হৈছে। অৱশ্যে অঞ্চল দুটাৰ ৰাইজে আগতীয়াকৈ কিছু সজাগ আৰু সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।