NORTHEAST NOW (Assamese)

কোভিড ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ আগ্ৰহ চীনৰ

November 18, 2020 8:03 am · এন ই নাও নিউজ
চীনৰ ৰাষ্ট্ৰপতি সি জিনপিং

ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতাৰে আগবাঢ়িবলৈ চীন আগ্ৰহী বুলি মঙলবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে মন্তব্য প্ৰকাশ কৰে।

ইতিমধ্যে চীনা ভেকচিন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চীন আৰু ৰাছিয়াৰ সৈতে সহযোগিতাৰে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাম কৰি আছে বুলিও ৰাষ্ট্ৰপতি ঝিনপিঙে লগতে কয়।

আনহাতে, চীনে ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৱেষণা, ট্ৰায়েলৰ বাবে অন্যান্য ব্ৰিকছ দেশৰ সদস্য সকলৰ সৈতেও একেলগে কাম কৰি আছে বুলি ঝিনপিঙে কয়।

তদুপৰি, ভেকচিনৰ প্ৰস্তুতি আৰু পৰীক্ষণৰ সময়ত প্ৰতিখন দেশকে সমধৰণে গুৰুত্ব প্ৰদান কৰি সতৰ্কতাৰে আগবঢ়া হৈছে বুলিও চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে, চীনে ৰাছিয়া আৰু ব্ৰাজিলৰ উপৰিও বাংলাদেশ, পাকিস্তান আদি দেশত চীনা ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণ চলায় আছে।

ভাৰততো অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ ভেকচিনৰ পৰীক্ষণ চলি আছে আৰু ভাৰতৰ থলুৱা ভেকচিন প্ৰস্তুতিৰ কামো যথেষ্ট আগবাঢ়িছে।

ভাৰত আৰু চীন সীমান্তত দুয়োদেশৰ সৈন্য বাহিনীৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে চীনা ৰাষ্ট্ৰপতি গৰাকীৰ সহযোগিতা প্ৰকাশৰ কথাই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Related News