NORTHEAST NOW (Assamese)

বাংলাদেশৰ কক্স বজাৰত চীনা চাবমে’ৰিন ঘাটি!

May 26, 2019 3:28 pm · চাইদ বচিৰ
Updated: May 26, 2019 3:46 pm
প্ৰতীকী ছবি। সৌজন্য- ইউতিউব।

বাংলাদেশৰ কক্স বজাৰত চীনা ৰাষ্ট্ৰ-মালিকানাধীন কাম্পেনি পি তি আই-এ এই বিত্তীয় বৰ্ষতে নিৰ্মাণ আৰম্ভ কৰিবলৈ লৈছে এটা পূৰ্ণাংগ আৰু স্থায়ী চাবমে’ৰিন ঘাটিৰ।

চাবমে’ৰিনৰ অৱস্থান আৰু পৰিচালনাৰ কেন্দ্ৰৰূপে ব্যৱহাৰৰ বাবে প্ৰস্তাৱিত এই ঘাটিটোৰ নিৰ্মাণ ব্যয় ১০,৩০০ কোটি বাংলাদেশী টাকা বুলি অনুমান কৰা হৈছে, বিষয়াসকলে জনায়।

বাংলাদেশ আৰু চীন দুই চৰকাৰৰ মাজত হোৱা বুজাবুজিমৰ্মে কামটোত চীনা কাম্পেনিটো নিয়োগ কৰা হৈছে।

ঘাট, চাউনি, অস্ত্ৰভাণ্ডাৰ, মেৰামতশালা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লগা এই স্থায়ী ঘাটিটো ১০ বছৰৰ ভিতৰত ২০২৭-২৮ বিত্তীয় বৰ্ষত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে, বিষয়াসকলে জনায়।

বাংলাদেশ নৌ বাহিনীয়ে ৰূপায়ণ কৰিব লগা প্ৰকল্পটোৰ পৰামৰ্শ মাচুল ৰূপে চলিত বিত্তীয় বৰ্ষতে ৫৪ কোটি বাংলা টাকাৰ এক বিশেষ আবণ্টনৰ প্ৰয়োজন হ’ব।

বাংলাদেশৰ আন্তঃসেৱা জন সম্পৰ্ক সঞ্চালক লে’ফতে’নেন্ত কৰ্নেল মহম্মদ আব্দুল্লা ইবন জে’দে শনিবাৰে সাংবাদিকক জনাই যে ঘাটিটোৰ নিৰ্মাণ সম্পৰ্কে তেওঁলোকে একো নাজানে।

“নৌ বাহিনীৰ পৰা হোৱা হ’লে আমি গম পালোহেঁতেন,” তেওঁ কয়।

২০১৬-১৭ চনত নৌ বাহিনীয়ে চীনৰ পৰা দুখন চাবমে’ৰিন লাভ কৰিছিল, সেইকেইখন ই একেখন জিলাতে থকা এটা অস্থায়ী ঘাটিৰ পৰা পৰিচালনা কৰি আছে।

ব্যাপক মেৰামতি আৰু আধুনিকীকৰণৰ পিছত প্ৰতিবেদিত ১৯৩ মিলিয়ন এমেৰিকান দলাৰ মূল্যত চীন আৰু বাংলাদেশৰ চৰকাৰী বুজাবুজিৰ অধীনত নৱযাত্ৰা আৰু জয়যাত্ৰা নামৰ চাবমে’ৰিন দুখন লোৱা হৈছিল।

বংগোপ সাগৰত মিং-শ্ৰেণীৰ চাবমে’ৰিনকেইখনৰ প্ৰচলনৰ পিছৰ পৰাই এটা স্থায়ী ঘাটিৰ বাবে নৌ বাহিনীয়ে চৰকাৰক সৈমান কৰোৱাৰ চেষ্টা কৰি আহিছিল।

চৰকাৰে পাতুৱাখালিৰ ৰাবনাবাদতো এটা নতুন নৌ ঘাটি স্থাপন কৰাৰ দিশত আগবাঢ়িছে। পাইৰা সমুদ্ৰ বন্দৰৰ নিৰাপত্তা নিশ্চিত কৰা বাবে নিৰ্মিত ঘাটিটোত চাবমে’ৰিনৰ লংগৰ পেলোৱা আৰু পৰিচালনাৰ সুবিধা ৰখা হ’ব।

বি এন এচ শ্বেৰ-ই-বাংলা পাতুৱাখালি নৌ ঘাটি প্ৰকল্পটোৰ ৰূপায়ণ ২০১৮ চনৰ জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল আৰু আনুমানিক ১০৮১.৫ কোটি বাংলা টাকা ব্যয়েৰে ই ২০২১ চনৰ জুনত সম্পূৰ্ণ হ’ব লাগে।

এই সমগ্ৰ পুঁজি ৰাষ্ট্ৰ অৰ্থ ভাণ্ডাৰৰ পৰা ব্যয় কৰা ঽ’ব।

Related News