NORTHEAST NOW (Assamese)
অসম

‘বাতিল হ’বই লাগিব বিধেয়ক’, নেছ’ৰ প্ৰতিবাদত উত্তাল উঃ-পূবৰ ৬ ৰাজধানী

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 30, 2018 7:44 pm
North East Students'Organisation (NESO) organised a protest against Citizenship Amendment Bill 2016 in Agartala on 30-11-18.pix by ub photos

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূবতে চলিছে ব্যাপক প্ৰতিবাদ। উত্তৰ-পূবৰ সাত ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহৰ ঐক্যমঞ্চ নেছ’ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ বাহিৰে অঞ্চলটোৰ ৬খন ৰাজধানী কঁপালে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে।

যোৱা ১৪ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত নেছ’ৰ সভাৰ সিদ্ধান্তমতে শুকুৰবাৰে শ্বিলং, ইটানগৰ, আগৰতলা, ইম্ফল, আইজল আৰু ক’হিমাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নেচ’ৰ অংশীদাৰী ছাত্ৰ সংগঠনসমূহে।

সেই অনুসৰি শ্বিলঙত খাচি ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দি খাচি ছাত্ৰ সন্থাৰ সভাপতি লংবোক এছ মাৰাংগাৰ, সাধাৰণ সম্পাদক ড’লাণ্ড টেৰাহ আৰু গাৰো ছাত্ৰ সন্থাৰ সভাপতি টেনছাক জি মমিনে ভাষণত বিধেয়ক বাতিলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দিল্লীৰ বঞ্চনা বন্ধ কৰাৰ দাবী কৰে। ইয়াৰ উপৰিও মেঘালয় চৰকাৰে বিধেয়কখনৰ বিৰুদ্ধে লোৱা সিদ্ধান্তক তেওঁলোকে আদৰণি জনায়।

থলুৱা জনগোষ্ঠী ইতিমধ্যেই অস্তিত্বৰ সংকটত পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ত্বিপ্ৰা ষ্টুডেন্টচ ফেডাৰেচনে। উপস্থিত আছিল ফেডাৰেচনৰ উপদেষ্টা উপেন্দ্ৰ দেৱবাৰ্মা, বিশ্বজিত কলৈ আৰু সুনীল দেৱবাৰ্মা।

আগৰতলাত ডনবস্ক’ স্কুলৰ সমীপত হোৱা এই কাৰ্যসূচীত সহযোগ কৰে ৰাজ্যখনৰ তি এফ ৱাই, আই ৱাই এফ টি, তি এন এচ এফ, তি ডি এচ এচ এম, তি এচ বি, ৱাই তি এ আৰু এ তি এচ য়ু ইত্যাদি সাতটা ছাত্ৰ সংগঠনে।

একেদৰে ইটানগৰত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সহস্ৰাধিক সদস্যই পুৱা নিৰজুলিৰ পৰা ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কলৈ ৰাজপথত বাইক ৰেলি উলিয়াই বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে। ইয়াৰ পাছতেই তেওঁলোকে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সভাত ভাষণ প্ৰদান কৰি সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি হাৱা বাগাং আৰু সাধাৰণ সম্পাদক তোবাম দাইয়ে কয়, ‘দিল্লীয়ে উত্তৰ-পূবৰ প্ৰতি সদায়েই মাহী আইৰ দৃষ্টিভংগী লৈ আহিছে। আমি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো আৰু অৰুণাচল প্ৰদেশৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু ছাকমা শৰণাৰ্থীক বহিষ্কাৰ কৰিবই লাগিব।’

মণিপুৰৰ ৰাজধানী ইম্ফলত সদৌ মণিপুৰ ছাত্ৰ সন্থাই প্ৰতিবাদী সমাৱেশ আৰু সমদল উলিয়াই বিধেয়কখন বাতিলৰ দাবী জনায়। এই কাৰ্যসূচীত সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ সভাপতি মঞ্জিত চৰংথেম আৰু সাধাৰণ সম্পাদক চৈবাম অনিলে মণিপুৰৰ এন বিৰেন সিং নেতৃত্বাধীন চৰকাৰক বিধেয়কখনৰ বিপক্ষে কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ দাবী জনায়।

বিধেয়কখনৰ বিৰুদ্ধে আইজলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মিজো ছাত্ৰ সংগঠন মিজো জিৰলাই প’লই। প্ৰতিবাদৰ নেতৃত্ব লয় মিজো জিৰলাই প’লৰ সভাপতি এল ৰামডিললায়ানা ৰেনথেল আৰু সাধাৰণ সম্পাদক লাংলনুনমইৱা পৌতোয়ে।

নাগা ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত নাগালেণ্ডৰ ৰাজধানী ক’হিমাত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে। ফেডাৰেচনৰ সভাপতি খ্ৰিষ্টোফাৰ আৰু সাধাৰণ সম্পাদক ইতিয়াংপাঙে প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি কয়, ‘এই বিধেয়ক বাতিল হ’বই লাগিব। উত্তৰ-পূবক আমি বিদেশীৰ ‘ডাম্পিং গ্ৰাউণ্ড’ হ’বলৈ নিদিওঁ।’

বিক্ষোভৰ অন্তত ছাত্ৰ সংগঠনটোৱে বিধেয়কখনৰ প্ৰতিলিপি আৰু অবৈধ বাংলাদেশী এগৰাকীৰ প্ৰতীক দাহ কৰে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নেছ’ৰ উদ্যোগত যোৱা ২০ নৱেম্বৰত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল।