NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ ফ্লৰ মেনে’জমেণ্টত বিধ্বস্ত বিজেপি

February 13, 2019 7:15 pm · স্মিতা ভট্টাচাৰ্য্য
Updated: February 13, 2019 10:59 pm
নেছ’ৰ প্ৰতিনিধি দলৰ সৈতে ৰাহুল গান্ধী। ফাইল ছবি।

অসম আৰু উত্তৰ-পূবৰ দল-সংগঠনক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যসভাত ৰাহুল গান্ধীয়ে কৰা ফ্লৰ মেনে’জমেণ্টৰ বাবেই নেৰা নেপেৰা চেষ্টাৰ পিছতো নাগৰিকত্ব বিধেয়ক উত্থাপনৰ পৰা পিছ হুঁহকিল বিজেপি।

বিধেয়কখন উত্থাপিত নোহোৱাৰ খবৰে উত্তৰ-পূবত সৃষ্টি কৰা আনন্দৰ বন্যাৰ মাজতে কংগ্ৰেছ সভাপতিজনৰ “ফ্লৰ মেনে’জমেণ্ট” আৰু “ৰাজনৈতিক প্ৰজ্ঞা”ৰ শলাগ লৈছে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

“ৰাজনৈতিক প্ৰজ্ঞা আৰু মোদী চৰকাৰৰ সংবিধানবিৰোধী আৰু উত্তৰ-পূববিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে অ-বিজেপি দলসমূহৰ মাজত ভাঙিব নোৱাৰা সহমত গঢ়ি তোলাৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক শলাগৰ পাত্ৰ,” শইকীয়াৰ মন্তব্য।

যোৱা ৪ ফেব্ৰুৱাৰিত বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থন বিচাৰি যোৱা উত্তৰ-পূবৰ দল-সংগঠনসমূহক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান কৰি ৰাজ্যসভাত “ফ্লৰ মেনে’জমেণ্ট”ৰ দায়িত্ব লৈছিল ৰাহুল গান্ধীয়ে। উচ্চ সদনত সংখ্যাগৰিষ্ঠ দল হোৱা হেতুকে কংগ্ৰেছ বিৰোধিতা বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী ঐকমত্য গঢ়াৰ বাবে অত্যাৱশ্যকীয় আছিল।

বিধেয়কৰ বিৰুদ্ধে “বিৰামহীন” প্ৰচাৰ চলোৱাৰ বাবে আছু, নেছ’, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, হীৰেন গোহাঁইৰ লগতে অসম আৰু উত্তৰ-পূবৰ ৰাইজলৈয়ো কৃতজ্ঞতা জনাইছে কংগ্ৰেছ নেতা শইকীয়াই।

শইকীয়াই কয় ৰাজ্যসভাত বিধেয়ক উত্থাপনত বিজেপিৰ বিফলতা দেশৰ সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে এক বিজয়।

“ধৰ্মনিৰপেক্ষ ভাৰতক সাম্প্ৰদায়িক ভাৰতলৈ পৰিণত কৰাৰ চেষ্টা কংগ্ৰেছে আকৌ এবাৰ পৰাভূত কৰিলে,” শইকীয়াৰ মন্তব্য।

Related News