NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ মন জিলাত সেনা আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ : ৩ জন উগ্ৰপন্থী নিহতৰ সন্দেহ

Posted by: এন ই নাও নিউজ December 4, 2018 11:21 am
Two-Assam-Rifles-soldiers-killed-in-an-encounter-with-NSCN-28K29-terrorists

উজনি অসমৰ চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নাগালেণ্ডৰ মন জিলাৰ তিৰো অঞ্চলত সোমবাৰে সেনা আৰু উগ্ৰপন্থীৰ দল এটাৰ মাজত এক ভয়াৱহ সংঘৰ্ষ সংঘটিত হয়।

জানিব পৰা মতে, সোমবাৰে পুৱা তিৰো অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ কুমাওঁ ৰেজিমেণ্টৰ এটা তহলদাৰী দলৰ সৈতে পাহাৰীয়া অঞ্চলত সন্দেহযুক্ত এন এছ চি এন (কে) আৰু আলফা (স্বাধীন)-ৰ এটা দলৰ সৈতে মুখামুখি হয়।

উগ্ৰপন্থীৰ দলটোৱে সেনা জোৱানসকলৰ উপস্থিতিৰ কথা জানিব পাৰি নির্বিচাৰ গুলীচালনা কৰি পলায়নৰ চেষ্টা কৰে। ইপিনে সেনাৰ দলটোৱেও সমানে গুলীৰে প্রত্যুত্তৰ দিয়ে। প্ৰায় আধা ঘণ্টা ধৰি উক্ত সংঘৰ্ষ চলে।

এক সূত্ৰই দাবী কৰা মতে, সংঘৰ্ষটোত ৩ জন উগ্ৰপন্থী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত সেনাই এতিয়াও কোনো তথ্য নিশ্চিত কৰা নাই।

ইপিনে, সূত্ৰটোৱে জানিব দিয়া মতে উগ্ৰপন্থীৰ দলটোৱে নগালেণ্ডৰ পৰা অসমৰ চৰাইদেউ জিলাত প্ৰৱেশ কৰি পঞ্চায়ত নিৰ্বাচনৰ সময়ত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

আনহাতে, সংঘৰ্ষৰ পাছত চৰাইদেউ অভিমুখে পলাই যোৱা উগ্ৰপন্থীৰ দলটোৰ সন্ধানত সেনাৰ অভিযান অব্যাহত আছে।