NORTHEAST NOW (Assamese)
অসম

পশ্চিম কাৰ্বি আংলঙত এটি কিশোৰসহ দুগৰাকী মহিলাৰ প্ৰাণ ল’লে বনৰীয়া হাতীয়ে

Posted by: এন ই নাও নিউজ December 4, 2018 12:33 pm
WildElephant

ৰাজ্যৰ বিয়াগোম বন বিভাগৰ অকৰ্মণ্যতা তথা ব্যৰ্থতাৰ বাবেই যেন পশ্চিম কাৰ্বি আংলঙৰ বাগিচাডুবিত হাতী মানুহৰ সংঘাতত তিনিজনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত এক শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে।

জানিব পৰা মতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা হাতীৰ আক্ৰমণত এটি কিশোৰসহ দুগৰাকী মহিলাৰ মৃত্যু হয়। নিহত মহিলা দুগৰাকীক ক্ৰমে লক্ষ্য দেৱী আৰু পূৰ্ণিমা থাপা আৰু কিশোৰগৰাকীক ৰোহিত চৌহান (১২) বুলি চিনাক্ত কৰা হৈছে।

এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতে বাগিচাডুবিৰ স্থানীয় লোকসকল ক্ষুব্ধ হৈ সংবাদ মাধ্যমৰ আগত কয় যে যোৱা কেইবাদিন ধৰি আমাৰ এই অঞ্চলটোত হাতীৰ জাক প্ৰৱেশ কৰি বিভিন্ন উদ্ভণ্ডালিৰ সৃষ্টি কৰি গাঁওবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। খেতিপথাৰ সমূহ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছে। ইয়াৰ পাছতো কিন্ত বন বিভাগে আজিলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

উল্লেখ্য যে বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ বাবেই বনৰীয়া হাতীসমূহে খাদ্যৰ তীব্ৰ সংকটত ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই আহি বিভিন্ন সময়ত মানুহৰ সৈতে সংঘাতত লিপ্ত হ’বলগীয়া হয়। আৰু এই সংঘাততে কেতিয়াবা বনৰীয়া হাতী আৰু কেতিয়াবা মানুহে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হয়।