NORTHEAST NOW (Assamese)

সনাতন ডেকা আৰু পৰাগজ্যোতি নেওগৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা চৰকাৰৰ

May 25, 2020 9:06 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

কামৰূপ জিলাৰ হাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকা আৰু ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰাগজ্যোতি নেওগৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ২ লাখ টকাৰ এককালীন সাহায্য।

নৃশংস হচত্যাৰ বলি হোৱা দুয়োগৰাকী লোকৰ পৰিয়াললৈ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে যোৱা ২২ মে’ত হাজোৰ মনাহকুছি গাঁৱৰ সনাতন ডেকা নামৰ শাক পাচলি ব্যৱসায়ীজনক পাঁচগৰাকী দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰিছিল।

আনহাতে ডিব্ৰুগড় জিলাৰ চাবুৱাতো ঘটিছিল হাজোৰ দৰে অনুৰূপ ঘটনা। জানিব পৰা মতে এখন দোকানক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘাতৰ ফলত ১৫ জনীয়া দুৰ্বৃত্তৰ দলে পৰাগজ্যোতি নেওগক নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

পৰাগজ্যোতি নেওগে এখন সৰু দোকান দি পৰিয়াল পোহপাল দি আহিছিল।

ৰাজ্যখনত সংঘটিত হোৱা এই দুয়োটা ঘটনাই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে।

Related News