NORTHEAST NOW (Assamese)

নৌ সেনাধ্যক্ষক সাক্ষাৎ অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

October 24, 2018 9:17 pm · ডেমিয়েন লেপছা

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি ২৪ অক্টোবৰত এডমিৰেল সুনীল লানবাক সাক্ষাৎ কৰে। টেংগাস্থিত ৫ মাউণ্টেইন ডিভিজনৰ জেনেৰেল অফিচাৰ কামাণ্ডিং মেঃ জেনেৰেল আৰকে ঝাৰ উপস্থিতিত মুখ্য মন্ত্ৰীগৰাকীয়ে নৌ সেনাধ্যক্ষ তথা চীফ অব ষ্টাফ কমিটীৰ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰে।

সাক্ষাতৰ সময়চোৱাত মুখ্য মন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰতিৰক্ষা, পৰ্যটন আৰু যোগাযোগ-যাতায়াত সম্পৰ্কীয় বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম ৰাজ্যখনত চলি আছে।

তেওঁ আৰু পশ্চিম কামেঙৰ টাৱাঙত প্ৰস্তাৱিত এয়াৰফিল্ডখনৰ সম্পৰ্কেও এডমিৰেলগৰাকীক অৱগত কৰে। তেওঁ আৰু জনায় যে কেন্দ্ৰৰ কাৰিকৰী কমিটীয়ে শীঘ্ৰেই এটা সম্ভাৱনীয়তাৰ অধ্যয়ন সম্পন্ন কৰিব।

উল্লেখ্য যে নৌ সেনা প্ৰধানগৰাকীৰ পৰা অনুৰোধ লাভ কৰাৰ পাছত মুখ্য মন্ত্ৰী খাণ্ডুৱে অন্যন্য মন্ত্ৰ্যালয়সমূহক জড়িত কৰি সীমান্ত এলেকাসমূহত প্ৰতিৰক্ষাৰ আন্তঃগাঁথনিত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল। তেওঁ কৈছে যে ইয়ে অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পুঁজিৰে চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ নিৰ্মাণৰ গতি ত্বৰান্বিত কৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে সামৰিক বাহিনী আৰু অসামৰিক লোকৰ আন্তৰিক সম্পৰ্কই দুয়ো পক্ষৰ মাজৰ বন্ধুত্ব গঢ়াত সহায় কৰিছে। তেওঁ মঞ্জুশ্ৰী স্কুলৰ পৰা দুগৰাকী শিশুক তুলি লোৱা বাবে মেজৰ জেনেৰেল ঝাক ধন্যবাদ জনায় আৰু ৰাজ্যখনত সেনা বাহিনীৰ মানৱ-হিতৈষী কাম-কাজৰ শলাগ লয়।

পৰমবীৰ চক্ৰ প্ৰাপক ছুবেদাৰ যোগীন্দৰ সিঙৰ যুদ্ধ স্মাৰক গঢ়াৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে চলিত বছৰতেই এই কাম সম্পূৰ্ণ কৰি তোলা হ’ব।

উল্লেখ্য যে ১৯৬২ৰ চীনা অগ্ৰাসনৰ সময়চোৱাত টাৱাঙৰ ওচৰৰ টংপেন লাক চীনৰ পৰা ৰক্ষা কৰিবলৈ গৈ ছুবেদাৰ যোগীন্দৰ সিঙে আত্মবলি দিছিল।

অৱসৰপ্ৰাপ্ত সেনাৰ কল্যাণৰ সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপৰ সম্পৰ্কত মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে কল্যাণ পৰিষদ গঠন কৰা হৈছে জিলা পৰ্যায়ত অৱসৰপ্ৰাপ্ত সেনাসকলৰ বাবে পৰিচয়পত্ৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে ইটানগৰতহে পৰিচয়পত্ৰ প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে খাণ্ডুৱে ১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ চহিদসকলৰ প্ৰতি উৎসৰ্গিত যুদ্ধ স্মাৰক দৰ্শন কৰে বীৰ সেনাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মাল্যাৰ্পণ কৰে।

Related News