NORTHEAST NOW (Assamese)

অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰথম বৈঠক

May 7, 2020 5:32 pm · দীপজ্যোতি শৰ্মা
মুখ্য মন্ত্ৰী আৰু সমিতিৰ বৈঠকৰ ছবি। সৌজন্য-- টুইটাৰ।

কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষিত লকডাউনে বিধ্বস্ত কৰা ৰাজ্য অৰ্থনীতিৰ পুনৰ উদ্ধাৰৰ বাবে গঠন কৰা বিশেষ পৰামৰ্শদাতা সমিতিৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৰুত্বপূৰ্ণ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়।

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠিত ৮জনীয়া সমিতিখনৰ সদস্যসকল।

ডঃ দাসৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ত গঠন কৰা সমিতিয়ে উন্নয়নৰ সকলো দিশত যি প্ৰতিবেদন আৰু পৰামৰ্শ দিব তাৰ ভিত্তিত ৰাজ্য চৰকাৰে গুৰুত্ব দি আগবাঢ়িব বুলি প্ৰকাশ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

পুৱা ভাগতে ৰাজ্য পঞ্চায়তৰ সচিব আৰু সভাপতিসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে ফোনৰ জৰিয়তে মত বিনিময় কৰে।

আৰম্ভ হোৱা এমএনৰেগা আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কামসমূহ যাতে নিখুঁতভাৱে কৰা হয়, কোনোৱে যাতে দুৰ্নীতিক প্ৰশ্ৰয় দিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখাৰ নির্দেশ প্ৰদান কৰা হৈছে বুলি সোণোৱালে কয়৷

“প্ৰতিখন পঞ্চায়তত যাতে পুঁজিৰ সৎ ব্যৱহাৰ হয় তাৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টি ৰাখিব লাগিব। অন্যথা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব,” মুখ্য মন্ত্ৰী সোণোৱালে কয়৷

কৰ’নাৰ বিৰুদ্ধে যুঁজ চলি থকাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় “এমজিএনেৰেগা আৰু অনান্য কামসমূহ চলি থকা সময়ত সকলোৱে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।”

আনহাতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা কোনো ব্যক্তি যাতে এই আঁচনিৰ পৰা বাদ নপৰে, প্ৰাপ্য অধিকাৰৰ পৰা যাতে কোনো বঞ্চিত নহয় তাৰ বাবে গুৰুত্ব দিয়াৰ আহ্বান জনায় মুখ্য মন্ত্ৰী গৰাকীয়ে৷

ইপিনে বৈঠকৰ অন্তত সমিতিৰ অধ্যক্ষ দাসে কয়, “দুই-এদিনৰ ভিতৰতে চৰকাৰৰ সংগঠনসমূহলৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ তথ্যসমূহ বিচাৰি লিখা হ’ব। তাৰ পিছতে কিদৰে আগবাঢ়িব লাগিব আমি কব পাৰিম।”

Related News